মাত্ৰ ৬ দিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল নতুন এক্সপ্ৰেছৱে ৷ কিন্তু এজাক বৰষুণতে জলমগ্ন হৈ পৰিল এই এক্সপ্ৰেছৱে ৷শুকুৰবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাংগালুৰুৰ সমীপৰ ৰামনগৰ অঞ্চলত নতুনকৈ নির্মাণ কৰা বেংগালুৰু-মহীশূৰু এক্সপ্ৰেছৱে পানীত ডুব যায়।
৮ হাজাৰ ৪৮০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই ঘাইপথ। কৰ্ণাটকত চলিত বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ১২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱে উদ্বোধন কৰে। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যিটোৰ গুৰুত্ব বেলেগ। উদ্বোধনী অনুষ্ঠানৰ ৬ দিনৰ ভিতৰতে পথছোৱা জলমগ্ন হৈ পৰে ৷ কোৱা হৈছিল যে ১১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেই যাত্ৰী পৰিবহণ সুচল কৰি তুলিব। ভ্ৰমণৰ সময়ো হ্ৰাস পাব।
পানী জমা হোৱাৰ বাবে পথছোৱাত যানজটৰ সৃষ্টি হয় ৷প্ৰধানমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পথটো উদ্বোধন কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। তেওঁ কয়, ‘কংগ্ৰেছে মোদীৰ কবৰ খন্দাৰ সপোন দেখিবলৈ বাদ দিয়ক। তেওঁলোকে নাজানে, দেশৰ মাতৃৰ –ভগ্নীৰ মৰমে মোক সুৰক্ষা দিয়ে । তেওঁলোকে (কংগ্ৰেছে) মোদীৰ কবৰ খন্দাৰ সপোন দেখে, মই বেংগালুৰু-মহীশূৰু এক্সপ্ৰেছৱে নিৰ্মাণত গুৰুত্ব দিওঁ। আমি দুখীয়া মানুহৰ জীৱন যাপন সহজ কৰি দিওঁ।”