এটা পৰীক্ষা বিতর্ক নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই প্রশ্নকাকত ফাদিল হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। প্রশ্নকাকতখিনিকে সুৰক্ষিত কৰিবলৈ সক্ষম নোহোৱা ছেবাৰ নেতৃত্বৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ শিক্ষার্থীয়ে বিশ্বাস হেৰুৱাই পেলাইছে বুলি এক প্ৰেছ বাৰ্তাত সংগঠনটোৱে সদৰী কৰি যিসময়ত ছেবাৰ অধ্যক্ষৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সৰ্বত্ৰে দাবী উত্থাপন হৈছে, সেই সময়ত চৰকাৰখনে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা বিষয়টো দুর্ভাগ্যজনক বুলি কয়।
সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই এই সন্দৰ্ভত কয় যে দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱা আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰাৰ পাছতো ছেবাৰ দোষ ক’ত শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে প্রশ্ন উত্থাপন কৰা সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছে। এতিয়া আহিল ছেবাৰ ভুল ক’ত ? ছেবাৰ ভুল হ’ল যে এটা বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলা কিয় পৃথক পৃথক কৰি পঠিয়াইছিল। লখিমপুৰৰ লুইত খাবলু নামৰ যিটো পৰীক্ষা কেন্দ্ৰ, সেই পৰীক্ষা কেন্দ্ৰলৈ বুলি ছেবাই সাধাৰণ বিজ্ঞানৰ ২৯টা পেকেট প্ৰেৰণ কৰিছিল। এই ২৯ টা পেকেট পৃথকে পৃথকে প্ৰেৰণ কিয় কৰা হৈছিল ?
নিয়ম তথা গোপনীয়তা অনুসৰি এই ২৯টা পেকেটত পুনৰ এটা পেকেটত ভৰাই ছীল কৰি পঠাব লাগিছিল। যিটো ব্যৱস্থা উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত কৰা হয় বা ছেবাইও আগতে কৰিছিল। যদি ২৯ টা পেকেট এটা পেকেটত ভৰাই ছীল কৰি পঠালেহেঁতেন, এইদৰে প্রশ্নকাকতৰ টোপোলা হৰলুকি হোৱাটো সম্ভৱ হৈ উঠিলহেঁতেন নে? শিক্ষামন্ত্ৰীয়ে এই দিশত নজৰ দিয়ক ; কাৰণ এইটো ছেৱাৰ ভুল আছিল বুলি তেওঁলোকে কয়। সমান্তালভাৱে কালি ডিজিপিয়ে সংবাদমেলত কৈছে যে পৰীক্ষা আৰম্ভ নোহোৱাৰ আগতে অর্থাৎ চাৰি-পাঁচদিনৰ আগতে যেতিয়া প্রশ্নকাকত থানালৈ গৈছিল তেতিয়াই হৰলুকি কৰা হৈছে। কোৱা হৈছে যে ২৮টা প্ৰশ্নকাকতৰ পেকেট এণ্টি কৰি এটা হৰলুকি কৰা হৈছিল।
এতিয়া প্রশ্নটো হ’ল সংশ্লিষ্ট দিনত লুইত খাবলু কেন্দ্ৰৰ ইনচার্জে প্রশ্নকাকত থানাত নিজৰ জিম্মাত লৈ ছেবালৈ তথ্য প্ৰেৰণ কৰা নাছিল নেকি? যদি প্ৰেৰণ কৰা নাছিল ইয়াৰ উত্তৰ কিয় ছেবাই বিচৰা নাছিল? একেদৰে যদি ২৮টা প্রশ্নকাকতৰ পেকেট লাভ কৰিছিল বুলি ছেবালৈ তথ্য প্ৰেৰণ কৰিছিল, অন্তৰ্ধান হৈ থকা আন এটা পেকেটৰ বিৰুদ্ধে কিয় ছেবাই ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই দিশবোৰ ছেবাৰ বিফলতা নহয় নেকি বুলি ছাত্র নেতাদ্বয়ে শিক্ষামন্ত্রীক প্রশ্ন উত্থাপন কৰি শীঘ্ৰে ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।