পঞ্জাৱ আৰক্ষীয়ে ‘পলাতক’ খালিস্তান সমৰ্থক নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত নতুন গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ এক সূত্ৰ অনুসৰি এই গোচৰত স্বঘোষিত শিখ ধৰ্মগুৰুজনৰ ৭ জন ঘনিষ্ঠৰ নামো সন্নিবিষ্ট কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে, এই গোচৰটো নেচনেল ইনভেষ্টিগেচন এজেঞ্চী এক্টৰ অধীনত ৰুজু কৰা হৈছে। ফলত তদন্তৰ দায়িত্ব দিয়া হ’ব নেচনেল ইনভেষ্টিগেচন এজেঞ্চীক ৷
অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে এতিয়াও অমৃতপালক গ্ৰেপ্তাৰ কৰা নাই। সূত্ৰ অনুসৰি, শনিবাৰে অমৃতপলে বাইকেৰে আৰক্ষীৰ সন্মুখৰ পৰাই পলায়ন কৰে। কিন্তু অমৃতপালৰ সংগঠন ‘ৱাৰিছ পঞ্জাব দে’ (বাংলা অনুবাদৰ অৰ্থ ‘পঞ্জাৱৰ উত্তৰাধিকাৰী’)ৰ দাবীত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি গোপন স্থানলৈ লৈ গৈছিল বুলি দাবী কৰিছিল।
চৰকাৰী তথ্য অনুসৰি পঞ্জাৱত আৰক্ষীৰ অভিযানত শনিবাৰৰ পৰা ৭৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ চাৰিজন নেতাক বায়ুসেনাৰ বিমানেৰে অসমৰ ডিব্ৰুগড়লৈ লৈ যোৱা হয়। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
ফেব্ৰুৱাৰী মাহত আজনলাৰ থানাত সংঘটিত আক্ৰমণৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে এই অভিযান আৰম্ভ কৰে ৷ শনিবাৰে পুৱা মোগা অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপালৰ সংগঠনৰ ছয়জন নেতাক। ইয়াৰ পিছত খালিস্তান সমৰ্থক নেতাজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপালে বাৰে বাৰে কাপোৰ আৰু গাড়ী সলনি কৰি পলায়ন কৰিছে ৷ জলন্ধৰত এৰি থৈ যোৱা গাড়ীখনৰ পৰাও উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ। আৰক্ষীৰ এটা অংশৰ মতে অমৃতপালে অভিযানৰ পূৰ্বে পলায়ন কৰে ৷ অমৃতপালে পঞ্জাৱৰ নিচামুক্ত কেন্দ্ৰত চিকিৎসাধীন যুৱক-যুৱতীক মানৱ বোমা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল! চোৰাংচোৱাৰ সূত্ৰৰ পৰা সেই তথ্য লাভ কৰাৰ পিছত শনিবাৰৰ পৰা আৰম্ভ হয় তেওঁক গ্ৰেপ্তাৰ কৰাৰ অভিযান।