এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সম্ভাৱ্য দিনটো মঙলবাৰে জানিব পৰা গৈছে। েই বিশ্বকাপৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৬৩ কোটি টকাৰ কৰ দিব লাগিব বুলি প্ৰায় নিশ্চিত। বিশ্বকাপৰ আয়োজক আইচিচিৰ হৈ ভাৰতীয় ব’ৰ্ডে এই ধন দিব লাগিব।
আই চি চিৰ নিয়ম অনুসৰি কোনো দেশে যদি বিশ্বকাপ আয়োজন কৰিব বিচাৰে তেন্তে চৰকাৰৰ পৰা কৰ ৰেহাইৰ অনুমতি লোৱাটো প্ৰয়োজন। যদিহে কৰ ৰেহাই পোৱা নাযায়, তেন্তে সেই ধন আয়োজক দেশৰ ক্ৰিকেট ব’ৰ্ডে দিব লাগে । ভাৰতীয় কৰ নিয়মত এনে ৰেহাইৰ কোনো উল্লেখ নাই। তাৰ বাবেই ২০১৬ চনত টি-২০ বিশ্বকাপৰ আয়োজন কৰাৰ সময়ত বি চি চি আইৰ কোষাগাৰৰ পৰা ১৯৩ কোটি টকা দিবলগীয়া হৈছিল ৷ এই গোচৰটো এতিয়াও চলি আছে আই চি চিৰ আদালতত।
৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব পাৰে বিশ্বকাপ। ১৯ নৱেম্বৰলৈকে চলিব এই প্ৰতিযোগিতা। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। ভাৰতৰ মুঠ ১২খন চহৰত বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব। এদিনীয়া বিশ্বকাপৰ সূচী এতিয়াও প্ৰকাশ হোৱা নাই। অৱশ্যে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ সম্ভাৱ্য তাৰিখৰ কথা জানিবলৈ দিয়ে আই চি চিয়ে। ৪৬ দিন অব্যাহত থাকিব এই প্ৰতিযোগিতা।
১০টা দলৰ এই প্ৰতিযোগিতাত নকআউট পৰ্যায়ত তিনিখন মেচকে ধৰি মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। বিশ্বকাপৰ খেলসমূহ বাংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাইত অনুষ্ঠিত হ’ব। কোনখন দলে কোনখন চহৰত খেলিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই।
ইংলেণ্ডে ২০১৯ চনৰ বিশ্বকাপত জয়লাভ কৰে। সেইবাৰ ছেমি ফাইনেলত পৰাস্ত হৈছিল ভাৰত। যোৱা বছৰ টি-২০ বিশ্বকাপত ছেমি ফাইনেলতো পৰাস্ত হৈছিল ভাৰত। যিহেতু এইবাৰ বিশ্বকাপ ঘৰুৱা স্থানত আছে, সেয়েহে ভাৰতীয় অনুৰাগীসকলে আশা কৰিছে যে ২০১১ চনৰ পিছত বিৰাট কোহলীয়ে পুনৰ ট্ৰফী লাভ কৰিব।