শিল্পা শ্বেট্টীয়ে দক্ষিণৰ কেইবাখনো ছবিত কেৰিয়াৰৰ আৰম্ভনিতে আত্মপ্ৰকাশ কৰে। শেষবাৰৰ বাবে তেওঁক কানাড়া ছবি ‘অটো শংকৰ’ত দেখা গৈছিল। ডি ৰাজেন্দ্ৰ বাবুৱে পৰিচালনা কৰা এই ছবিখনত অভিনেতা উপেন্দ্ৰৰ সৈতে শিল্পাই অভিনয় কৰিছিল ৷ ১৮ বছৰৰ পাছত পুনৰবাৰ তেওঁ দক্ষিণৰ ছবিত অভিনয় কৰিব ৷
ধ্ৰুৱ সাৰজা অভিনীত ‘কে ডি: দ্য ডেভিল’ত দেখা যাব শিল্পাক। বুধবাৰে ছবিখনৰ অভিনেত্ৰীগৰাকীৰ লুক প্ৰকাশ পাইছে। ছবিখনত শিল্পাৰ চৰিত্ৰৰ নাম সত্যৱতী। এখন ভিনটেজ গাড়ীৰ সন্মুখত থিয় হৈ আছে শিল্পা।
ছচিয়েল মিডিয়াত অনুৰাগীৰ সৈতে এই ফটো শ্বেয়াৰ কৰিছে শিল্পাই ৷ লগতে অনুৰাগীলৈ উদ্দ্যশি শিল্পাই লিখিছে, “এই শুভ দিনটোত কেডিৰ যুদ্ধক্ষেত্ৰৰ নতুন চৰিত্ৰৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছো।তাইৰ নাম সত্যৱতী। এই নতুন ভূমিকাক লৈ মই অতিশয় উৎসাহিত হৈছো।”
‘কে ডি: দ্য ডেভিল’ নিৰ্মাণ কৰা হৈছে সৰ্বভাৰতীয় দৰ্শকক মনত ৰাখি। ছবিখনৰ বিষয়বস্তু সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ কৰা নাই নিৰ্মাতাসকলে। অৱশ্যে সত্তৰৰ দশকৰ বেংগালুৰুৰ এক বাস্তৱ ঘটনাৰ পৰিপ্ৰেক্ষিতত এই ছবিখন নিৰ্মাণ কৰা হৈছে বুলি সূত্ৰই দাবী কৰিছে। বলীউডৰ শিল্পাৰ উপৰিও ছবিখনত সঞ্জয় দত্তই অভিনয় কৰিছে। যদি সকলো পৰিকল্পনা অনুসৰি হয় তেন্তে এই বছৰতে ছবিখন মুক্তি পাব পাৰে বুলি নিৰ্মাতাসকলে কয়।