BTR এলেকাত বড়ো জনগোষ্ঠী লোক সকলৰ ভাষা সুৰক্ষিত হোৱাৰ লগতে আন আন জনজাতী, জনগোষ্ঠী লোক সকলক ভাষা সুৰক্ষিত, সীমা সমস্যা, মাটিৰ সমস্যা সমাধান, বড়ো বিশ্ববিদ্যালয়ৰ শিক্ষা সমস্যা, বড়ো লোক সকলৰ লগতে আন আন জনজাতি সকলৰ সম অধিকাৰ প্ৰদান কৰা, খিলঞ্জীয়া ৰাইজৰ সমউন্নয়ন ইত্যাদি বিষয় সামৰি S.S.M BODOLAND Guest houseত BTR ৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত B.T.R চৰকাৰ প্ৰশাসনৰ লগত আনুষ্ঠানিক সভা অনুষ্ঠিত হয়।
বিটিআৰত অসমীয়া ভাষাই পাব লাগিব সমমৰ্যাদা। সমান্তৰালভাৱে শিক্ষাকে ধৰি বিভিন্ন বিষয়সমূহটো হ’ব লাগিব সম উন্নয়ন, সম বিকাশ। এইসমূহ দাবী লৈ বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ সৈতে বৈঠকত বহিল সদৌ অসম ছাত্র সন্থাৰ এক সঁজাতি দল। দীৰ্ঘ সময় ধৰি চলা আলোচনাৰ অন্তত আলোচনা ইতিবাচক বুলি সংবাদ মাধ্যমত সদৰী কৰিলে আছু আৰু বিটিআৰ চীফ প্রমোদ বড়োৱেl