দৰ্শকে তেওঁক চিনি পাইছিল একতা কাপুৰৰ ধাৰাবাহিক ‘কিউ কি সাছ ভি কভি বহু থি’ নামৰ ধাৰাবাহিকৰ জৰিয়তে । ক্ৰমান্বয়ে স্বীকৃতি লাভ কৰি স্মৃতি ইৰাণীয়ে মুম্বাই চহৰত এগৰাকী সফল অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰা স্মৃতি ইৰাণী বর্তমান কেন্দ্ৰীয় মন্ত্ৰী। জীৱনৰ দীঘলীয়া উত্থান-পতনবোৰলৈ উভতি চালে আজিও শৈশৱৰ ভয়াৱহ স্মৃতি সুৱৰি তেওঁ আৱেগিক হৈ পৰে ৷ স্মৃতি ইৰাণীয়ে প্ৰথমে ৰেষ্টুৰেণ্ট এখনত ৰান্ধনীৰ কাম কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰতিমাহে পোন্ধৰশ টকা দৰমহা পাইছিল। অৱশ্যে সৌন্দৰ্য প্ৰতিযোগিতাত নিৰ্বাচিত হোৱাৰ পিছত তেওঁ বিপদত পৰে ৷
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল ১ লাখ টকা। সেই টকাখিনি তেওঁ দেউতাকৰ পৰা ধাৰলৈ লৈছিল। কিন্তু চৰ্তসাপেক্ষে পিতৃয়ে তেওঁক দিছিল এই ধন ৷। স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰা অনুসৰি সুতসহ ঘূৰাই দিবলৈ চর্ত বান্ধি দিছিল পিতৃয়ে ৷ আনকি এই চর্ত পুৰণ কৰিব নোৱাৰিলে তেওঁৰ পচণ্ডৰ ল’ৰাক বিয়া কৰাব লাগিব বুলিও চর্ত বান্ধি দিছিল ৷
স্মৃতিয়ে কয় যে প্ৰতিযোগিতাৰ পৰা পোৱা ধনৰ পৰা ৬০ হাজাৰ টকা ঘূৰাই দিবলৈ সক্ষম হৈছিল, বাকী থকা ধন ঘূৰাই দিবলৈ চাকৰি কৰিব লগা হৈছিল। তেওঁ বিজ্ঞাপনৰ কাম কৰি আছিল, কিন্তু তেওঁক এটা স্থিৰ উপাৰ্জনৰ প্ৰয়োজন আছিল। তাৰ পিছত মেকড’নাল্ডছৰ আউটলেটত কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ বাচন ধোৱাৰ কাম কৰিছিল মেকড’নাল্ডছত ৷ইয়াৰ বাবদ তেওঁৰ দৰমহা আছিল পোন্ধৰশ টকা ৷
স্মৃতি ইৰাণীয়ে আগতে সপ্তাহত ছয় দিন কাম কৰিছিল। ছুটীৰ দিন এটা আছিল। সেইদিনা অডিচন দিবলৈ গৈ আছিল। অডিচনৰ জৰিয়তে তেওঁ ‘তুলসী’ৰ চৰিত্ৰটো পাইছিল, তাৰ পৰাই অভিনেত্ৰী হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰে ৷