আমাৰ চৌপাশে ইতিবাচক শক্তিৰ লগতে নেতিবাচক শক্তিও থাকে। বাস্তুশাস্ত্ৰ অনুসৰি ৰাতিপুৱা টোপনিৰ পৰা উঠি কিছুমান বস্তু দেখিলে জীৱনত নানা সমস্যাই দেখা দিয়ে। সেয়া আৰ্থিক সমস্যাও হ’ব পাৰে বা পাৰিবাৰিক সমস্যাও হ’ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি কি কি বস্তু চাব নালাগে জানো আহক—-
১) ৰাতিপূৱা টোপনিৰ পৰা উঠি ভঙা বস্তু বিশেষকৈ ভঙা ঘড়ীৰ পিনে চাব নালাগে। ঘৰত যদি ভঙা ঘড়ী আছে সোনকালেই আঁতৰাই পেলাব লাগে। নহ’লে এইটোৱে জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
২) ৰাতিপুৱা শুই উঠি বহুতৰে আইনা চোৱাৰ অভ্যাস থাকে। এই অভ্যাস বহুত বিপদজনক হ’ব পাৰে। গতিকে এনে অভ্যাস বন্ধ কৰাই উচিত।
৩) ৰাতিপুৱা শুই উঠি নিজৰ ‘ ছা ‘ ৰ পিনে চাব নালাগে। এনে কৰিলে জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যাৰ ফলত পাৰিবাৰিক সমস্যা বাঢ়িব পাৰে।
৪) ভঙা কাঁহি , বাচন-বৰ্তন বা ভঙা আচবাব পত্ৰ আদিয়েও জীৱনত নেতিবাচক প্ৰভাৱ পেলায়। গতিকে ৰাতিপুৱা টোপনিৰ পৰা উঠি এই বস্তুবোৰ চাব নালাগে। এনে ধৰণৰ বস্তুবোৰ বেডৰূমৰ পৰা আঁতৰাই থব লাগে।
৫) ৰাতিপুৱা শুই উঠিয়েই পাকঘৰত গৈ গেছ জ্বলাব নালাগে। শুই উঠাৰ ১০/১৫ মিনিট মানৰ পিছতহে পাকঘৰত গৈ গেছ জ্বলোৱা উচিত।
৬) ৰাতিপুৱা শুই উঠিয়েই ৰাতিৰ বাহি বাচন-বৰ্তন ধুব নালাগে। বেচিনত বাচন গোটাই থোৱাৰ অভ্যাস থাকিলে এনে অভ্যাস বন্ধ কৰিব লাগে।
৭) ৰাতিপুৱা শুই উঠিয়েই চুৰি-কটাৰি , কাঁচি বা মাৰি আদিৰ পিনে চাব নালাগে। বিশেষজ্ঞ সকলৰ মতে , ইয়াত নেতিবাচক শক্তি থাকে। এইবোৰ বস্তু দৃষ্টিগোচৰ হ’লে গোটেই দিনটো আৰম্ভনিতে নষ্ট হৈ যায়।