তিব্বতী সন্ন্যাসী দালাই লামাই চীনৰ সকলো প্ৰত্যহ্বান নেওচি পুনৰ আন এক ‘সাহসী সিদ্ধান্ত’ গ্ৰহণ কৰিছে ৷ যোৱা ৮ মাৰ্চত তেওঁ তিব্বতী বৌদ্ধ সন্ন্যাসীৰ ভিতৰত তৃতীয় গুৰুত্বপূৰ্ণ স্থান খালখা জেটছুন ধম্পা ৰিনপোচেৰ দশম উত্তৰাধিকাৰী বাচনি কৰে ৷ সংশ্লিষ্ট মহলৰ সূত্ৰৰ মতে, হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত এক অনুষ্ঠানত আমেৰিকাত জন্মগ্ৰহণ কৰা আঠ বছৰীয়া মংগোলীয় শিশুক এই পদবীৰ বাবে বাচনি কৰে দালাই লামাই। এই অনুষ্ঠানত কমেও ৬০০ মংগোলীয় লোকে অংশগ্ৰহণ কৰে। সেই অনুষ্ঠানৰ কেইবাখনো ছবি শেহতীয়াকৈ প্ৰকাশ পাইছে ৷
মংগোলীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই পদত ৰখা শিশুটিৰ এজন যমজ ভাতৃও আছে। শিশুটিৰ পিতৃ বিশ্ববিদ্যালয়ৰ অধ্যাপিক আৰু আইতাক মংগোলীয় সংসদৰ প্ৰাক্তন সদস্য।
অৱশ্যে মংগোলিয়াৰ বাবে এয়া সুখৰ খবৰ হ’লেও বৰ্তমান হিমাচল প্ৰদেশত স্বেচ্ছামূলক নিৰ্বাসনত থকা দালাই লামাৰ এই সিদ্ধান্তই নিশ্চিতভাৱে চীনে ইয়াক বৰ ভালকৈ গ্ৰহণ নকৰে। কাৰণ চীন প্ৰশাসনে সদায় দাবী কৰি আহিছে যে তেওঁলোকে কেৱল সেইসকল ধৰ্মগুৰুকহে স্বীকৃতি দিব যিসকলক তেওঁলোকৰ চৰকাৰে বাচনি কৰিছে ৷ ফলত ৮ মাৰ্চৰ আত্মপ্ৰকাশ অনুষ্ঠানৰ খবৰে উত্তেজনাৰ লগতে ভয়ৰ সৃষ্টি কৰে। এতিয়া এই বিষয়ত চীনে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব ৷
এই প্ৰেক্ষাপটত বহুতে ১৯৯৫ চনৰ কথা সোঁৱৰাই দিছে। যি বছৰত দালাই লামাই চীনক গুৰুত্বহীন কৰি তিব্বতী বৌদ্ধ ধৰ্মৰ দ্বিতীয় গুৰুত্বপূৰ্ণ আধ্যাত্মিক নেতা পাঞ্চেন লামাৰ ১১ সংখ্যক উত্তৰাধিকাৰীক বাছি লৈছিল। মন কৰিবলগীয়া যে পঞ্চেন লামা নিৰ্বাচিত হোৱাৰ কিছু সময়ৰ পিছতে অন্তৰ্ধান হৈছিল। তেওঁৰ পৰিয়ালকো অপহৰণ কৰা হয়। আজিলৈকে তেওঁলোকৰ কোনো তথ্য পোৱা হোৱা নাই। কিন্তু কিছুদিনৰ ভিতৰতে চীনে তেওঁলোকৰ পচন্দৰ এজন সদস্যক পাঞ্চেন লামাৰ পদত বাচনি কৰে ৷