কৰ্মচাৰী ভৱিষ্য নিধি (ই পি এফ)ত সদস্যসকলৰ জমা ধনৰ সুত বৃদ্ধি পালে। চলিত বিত্তীয় বৰ্ষৰ সুতৰ হাৰ মঙলবাৰে ঘোষণা কৰা হয়। ২০২২-২৩ চনত ইপিএফত ৮.১৫ শতাংশ সুতৰ হাৰ উপলব্ধ হ’ব। যিটো যোৱা বিত্তীয় বৰ্ষৰ তুলনাত অলপ বেছি। যোৱা বছৰৰ মাৰ্চ মাহত ইপিএফৰ সুত ৮.৫ শতাংশৰ তুলনাত ৮.১ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াক ০.০৫ শতাংশ বৃদ্ধি কৰা হৈছে। ফলত এইবাৰো যোৱা বিত্তীয় বৰ্ষৰ ঘাটি পূৰণ কৰিব নোৱাৰিলে ৷
যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ৮.১ শতাংশ সুতৰ হাৰ ঘোষণা কৰাৰ পিছত সমগ্ৰ দেশৰ গ্ৰাহকে ক্ষোভ প্ৰকাশ কৰিছিল ৷কাৰণ সেই সুতৰ হাৰ ১৯৭৭-৭৮ চনৰ পিছত আটাইতকৈ কম আছিল। ইয়াৰ পিছত প্ৰায় ৬ কোটি পি এফ সদস্যই এই বছৰ সুতৰ হাৰ সামান্য বৃদ্ধি হোৱাৰ আশা কৰিছিল। এইটো সঁচা যে সুতৰ হাৰ বৃদ্ধি কৰা হৈছে, কিন্তু বহুতে অনুভৱ কৰে যে ই আশাব্যঞ্জক নহয় ৷
সোমবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হৈছে কৰ্মচাৰী পি এফ সংগঠন (ই পি এফ অ’) পৰিষদৰ দুদিনীয়া বৈঠক। চিবিটিৰ সূত্ৰ অনুসৰি মঙলবাৰে সেই বৈঠকত সুতৰ হাৰ ঘোষণা কৰা হয়।
চিবিটিয়ে সুতৰ হাৰ ৮.১৫ শতাংশ নিৰ্ধাৰণ কৰাৰ এই সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়লৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব ৷ কেন্দ্ৰই সেউজ সংকেত প্ৰদান কৰিলেই গ্ৰাহকে লাভ কৰিব নতুন সুতৰ হাৰ ৷