VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গামোছা বিতৰ্কত কি কলে বাংলা সাহিত্য সভাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2023
in মুখ্য সংবাদ
গামোছা বিতৰ্কত কি কলে বাংলা সাহিত্য সভাই
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

“বাংলা সাহিত্য সভা, অসম”-ৰ প্ৰথম ৰাজ্যিক প্রতিনিধি সন্মিলন উপলক্ষে অতিথি-সংবৰ্ধনাৰ ক্ষেত্ৰত অসমীয়া সমাজৰ ফুলাম গামোছাৰ সৈতে বাঙালী সমাজৰ মঙ্গলঘট আৰু উৎসৱাদিত ব্যৱহৃত গামছা যোগ কৰি নতুনকৈ এটি সংবৰ্ধনাবস্ত্ৰ কৰা হৈছিল।‌ এই
সংবৰ্ধনাবস্ত্ৰ আমাৰ সৃষ্টি কৰা নহয়।‌ আমাৰ উদযাপন সমিতিৰ অভ্যৰ্থনা উপসমিতিৰ উঠি অহা প্ৰজন্মৰ কিছুসংখ্যক সদস্যই সামাজিক মাধ্যমৰ এখন ছবিৰ পৰা এই আৰ্হি গ্ৰহণ কৰিছিল। এইখন ছবি দেৰ বছৰমানৰ পুৰণি। শিলচৰৰ এটি অনুষ্ঠানত কোনোবা সংগঠনে মাননীয় সংস্কৃতিমন্ত্রীক এইখন দিয়াৰ ছবি আছিল, কাষত শিলাদিত্য দেৱ ডাঙৰীয়াও আছে। তেখেত অসমৰ ভাষিক উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে আমাৰ পৃষ্ঠপোষক। সেহেয়ে তেখেতৰ সন্মতি গ্ৰহণ কৰি এইখন প্ৰস্তুত কৰা হৈছিল।
যোৱা দেৰ বছৰ ধৰি এই বিষয়ে কোনো প্ৰতিক্ৰিয়া হোৱা নাছিল। এইবাৰ হৈছে, সেয়েহে আমি বৰ বিব্ৰত অনুভৱ কৰিছোঁ। আনৰ বস্তু গ্ৰহণ কৰিবলৈ গৈ এটি বিভ্ৰান্তি আৰু বিতৰ্কৰ জন্ম হ’ল।‌ এয়া আমাৰ ইচ্ছাকৃত নহয়, কাম্যও নহয়। আমি কোনো বেয়া উদ্দেশ্য আগত ৰখা নাছিলোঁ। তথাপি অসমৰ একাংশ ৰাইজে বিষয়টো গ্ৰহণ নকৰিলে। অজানিতে যদি আমি আঘাত দিছোঁ, সেইবাবে আমি আন্তৰিকভাবে দুখ প্ৰকাশ কৰিছোঁ আৰু অহা দিনত যাতে এনে ধৰণৰ পৰিস্থিতি নাহে, এই সম্পৰ্কে আমি সচেতন থাকিম।
আমাৰ মঞ্চৰ এফালে আছিল শ্ৰীচৈতন্যদেৱৰ ছবি, আনফালে শ্ৰীমন্ত শংকৰদেৱৰ ছবি। আছিল ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ছবি।আমি উদ্বোধনী অনুষ্ঠানৰ প্ৰথমেই গাইছিলোঁ ৰবীন্দ্ৰনাথৰ “ও আমাৰ দেশেৰ মাটি”, আৰু শেষত লক্ষ্মীনাথৰ ” অ’ মোৰ আপোনাৰ দেশ”। এফালে বিহু, আন ফালে ধামাইল নৃত্য।
আমি বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিলোঁ। মুক্ত মনেৰে। মনত দুখ লাগিছে এনে এক অপ্ৰীতিকৰ অনভিপ্ৰেত বিতৰ্কৰ সূচনা হোৱা দেখি। এই বিতৰ্কৰ ইয়াতে সমাপ্তি হওক আৰু আমাৰ মাজত অহা দিনত অধিক মিলন সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠক, সেই কামনা কৰিছোঁ।

Previous Post

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

Next Post

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7