ভাৰতীয় আইন অনুসৰি জুৱা খেলি ধৰা পৰিলে ৭ বছৰৰ কাৰাদণ্ড। কিন্তু আইন থাকিলেও ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে জুৱাৰ প্ৰচলন। শেহতীয়াকৈ ৰাজস্থানৰ চাৰিজন ভাতৃৰ খ্যাতি চৌদিশে বিয়পি পৰিছে ৷ ভনীয়েকৰ বিয়াৰ বাবে জোঁৱায়েকক দিলে ৮ কোটি ৩১ লাখ টকা । ৰাজস্থানৰ নগৌৰ জিলাৰ ডিংছাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
যৌতুক হিচাপে ‘মইৰা’ৰ প্ৰথা নগৌৰ জিলাত নতুন নহয়। কিন্তু, এই চাৰিজন ভাতৃয়ে যি পৰিমাণৰ যৌতুক দিছিল, সেই গাঁৱৰ আন কোনেও আগতে ইমান বৃহৎ পৰিমাণৰ যৌতুক দিয়া নাছিল। অৰ্জুন ৰাম মেহৰিয়া, ভগীৰথ মেহৰিয়া, উমেদ জি মেহৰিয়া আৰু প্ৰহ্লাদ মেহৰিয়া নামৰ চাৰিজন ভাতৃয়ে তেওঁলোকৰ ভগ্নী ভানৱৰী দেৱীৰ বিয়াৰ বাবে জোঁৱাইক কোটি কোটি প্ৰদান কৰে ৷
কেৱল টকাই নহয় চাৰিজন ভাতৃয়ে জোঁৱাইক মাটি, গহনাও যৌতুকত প্ৰদান কৰে ৷ । যৌতুকত ২ কোটি ২১ লাখ নগদ ধনৰ লগতে ৪ কোটি মূল্যৰ ১০০ বিঘা মাটি, ৭১ লাখ টকাৰ ১ কিলোগ্ৰাম সোণ আৰু ১০ লাখ টকাৰ ১৪ কিলোগ্ৰাম ৰূপ আৰু ৭ লাখ টকাৰ এখন ট্ৰেক্টৰ দিয়া হয় ৷ এই বিবাহত ৮০০ টকাকৈ গাঁৱৰ মানুহৰ মাজত বিতৰণ কৰা হয়। কেৱল সেয়াই নহয়, ভাতৃদ্বয়ে ভনীয়েকৰ বিয়াত এখন স্কুটি আৰু এখন গাড়ীও উপহাৰ দিছিল। সেই সকলোবোৰ যৌতুক ডিংছাৰা গাঁৱৰ পৰা ৰাইধনু গাঁৱলৈ ১০০ৰো অধিক ম’হগাড়ী আৰু উটত পঠিওৱা হৈছিল। এই বিয়াখন চাবলৈ আশে-পাশে থকা গাঁৱৰ মানুহে ভিৰ কৰিছিল ডিংছাৰা গাঁৱত।