VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2023
in মনোৰঞ্জন
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

 

প্ৰিয়ংকা চোপ্ৰাই কেৰিয়াৰৰ শিখৰত বলীউড এৰি থৈ যায়। মায়ানগৰী এৰি তেওঁ সুদূৰ আমেৰিকালৈ গুচি যায়। এতিয়া তেওঁ হলিউডৰ চকুৰ মণি। প্ৰিয়ংকা চোপ্ৰা জোনাছে কেইবাটাও জনপ্ৰিয় টেলিভিছন শ্ব’ আৰু চিনেমাৰ পিছত ৰুছ’ ব্ৰাদাৰ্ছৰ সৈতে ৱেব চিৰিজত কাম কৰি আছে। এতিয়া হলিউডৰ প্ৰথম শাৰীৰ তাৰকাসকলৰ লগত তেওঁৰ নাম ৰখা হয় ৷ দেশী গার্ল প্ৰিয়ংকাই হলিউডত নিজৰ স্থান প্ৰশস্ত কৰিছে। কিন্তু কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ সময়ত প্ৰিয়ংকাই মুম্বাই এৰি কিয় গৈছিল ? শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ সেই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ৷

 

‘ইন মাই চিটি’, ‘এক্স’টিক’ আদি মিউজিক ভিডিঅ’ত তেওঁক দেখা গৈছে। প্ৰিয়ংকাই উইল.আই.এম, পিটবুলৰ দৰে বিশ্ববিখ্যাত পপ তাৰকাৰ সৈতে গীত গাইছিল। শেহতীয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয় যে বলীউডত ‘সত খুন মাফ’ ছবিত কাম কৰি থাকোঁতে অঞ্জুলা আচাৰ্যৰ পৰা ফোন আহিছিল। অঞ্জুলাই প্ৰথমে তেওঁক আমেৰিকালৈ আহি গান গোৱাৰ প্ৰস্তাৱ দিছিল। সেই সময়ত প্ৰিয়ংকাই বলীউডৰ পৰা ওলাই অহাৰ পথ বিচাৰি আছিল। তেওঁ কয়, “সেই সময়ত মই বলীউডত প্ৰায় বিচ্ছিন্ন হৈ আছিলো। মোক ভালকৈ কাষ্ট কৰা হোৱা নাছিল। মোৰ লগত বহুতৰে সমস্যা হৈছিল। আৰু এতিয়া এই সকলোবোৰ মোৰ ভাল নালাগে। এই সকলোবোৰ লেতেৰা ৰাজনীতিত মই ভাগৰি পৰিছিলো।” প্ৰিয়ংকাই আমেৰিকালৈ আহি গান গাবলৈ ধৰিলে, কিন্তু বিশেষ সফলতা নাপালে। অৱশ্যে তেওঁৰ গীতটো হলিউডৰ কেইবাগৰাকীও তাৰকাৰ সৈতে যোগাযোগৰ মাধ্যম হৈ পৰে। প্ৰিয়ংকাই কয় –“মই ইমান বছৰ বলীউডত কাম কৰি আহিছো। কিন্তু সেই সময়ত মই ইমানেই হতাশ হৈ পৰিছিলো যে সকলো এৰি থৈ যাবলৈ মন গৈছিল।”

 

কিছুদিন হলিউডত কটোৱাৰ পিছত প্ৰিয়ংকাই উপলব্ধি কৰে যে গান গোৱাতকৈ অভিনয়ত তেওঁ ভাল। তাৰ পিছত তেওঁ আমেৰিকাত অভিনয়ৰ সুবিধা বিচাৰিবলৈ ধৰিলে। ইটোৰ পিছত সিটোকৈ অডিচন দিয়াৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিক ‘কোৱাণ্টিকো’ত সুযোগ পালে। যোৱা কেইবছৰমানৰ পৰা প্ৰিয়ংকাই ড্ৱেইন জনছন ওৰফে দ্য ৰক, জেক এফ্ৰন, লিয়াম হেমছৱৰ্থ, এডাম ডেভাইন, ৰেবেল উইলছন আদি তাৰকাৰ সৈতে কাম কৰি আহিছে। আনকি তেওঁক ‘মেট্ৰিক্স: ৰিভল্যুচনছ’ ছবিখনত কিয়ানু ৰিভছৰ সৈতে ফ্ৰেমত দেখা গৈছিল। এইবাৰ প্ৰিয়ংকাই মাৰ্ভেল খ্যাতিৰ ৰুছ’ ব্ৰাদাৰ্ছৰ সৈতে টিম আপ কৰিছে। অহা এপ্ৰিল মাহত মুক্তি পাব  থ্ৰিলাৰ ধাৰাবাহিক ‘চিটাডেল’। ‘গেম অৱ থ্ৰ’নছ’ খ্যাত ৰিচাৰ্ড মেডেনেও এই ধাৰাবাহিকখনত অভিনয় কৰিছে।

Previous Post

ৰাণীৰ দৰে ৰাখিব ভনীয়েকক , চাৰিজন ভাতৃয়ে দিলে ৮ কোটি টকাৰ যৌতুক, ৪ কোটিৰ মাটি –এক কিলো সোণ আৰু কি কি দিলে কইনাক ?

Next Post

এবছৰত বিশ্বৰ ১২১২খন মেচত ফিক্সিং! তালিকাত ক্ৰিকেটৰ ১৩ খন মেচ , ভাৰততো হৈছে নেকি দুৰ্নীতি?

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
এবছৰত বিশ্বৰ ১২১২খন মেচত ফিক্সিং! তালিকাত ক্ৰিকেটৰ ১৩ খন মেচ , ভাৰততো হৈছে নেকি দুৰ্নীতি?

এবছৰত বিশ্বৰ ১২১২খন মেচত ফিক্সিং! তালিকাত ক্ৰিকেটৰ ১৩ খন মেচ , ভাৰততো হৈছে নেকি দুৰ্নীতি?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7