আমেৰিকাৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হ’ল ভয়াৱহ গুলীচালনাৰ ঘটনা ৷ পুৱা ১০ বজাত বিদ্যালয় আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পিছত সংঘটিত হয় এই ঘটনা। দুয়োহাতে দুটা ৰাইফল লৈ হঠাৎ বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন শিক্ষার্থীয়ে বিদ্যালয়ত প্ৰৱেশ কৰে আৰু নির্বিচাৰ গুলীচালনা কৰে ৷ আমেৰিকাৰ টেনেচিৰ নেচভিলৰ এখন খ্ৰীষ্টান বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।
বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীলৈকে পাঠদান কৰা হয়। কোনো এজন ছাত্ৰৰ বয়স ১২ বছৰৰ অধিক নহয়। প্ৰাক্তন ছাত্ৰগৰাকীৰ গুলীচালনাত ৬ জন লোকৰ থিতাতে মৃত্যু হয়। আন বহু লোক গুৰুতৰভাৱে আহত হয়। বাকীসকলে আতংকিত হৈ বিদ্যালয়খনৰ মূল দুৱাৰেদি পলায়ন কৰে ৷
কিছু সময়ৰ পাছত অৱশ্যে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বন্দুকধাৰী প্ৰাক্তন ছাত্ৰজনক ঘেৰি ধৰে। যেতিয়া তেওঁ আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে তেতিয়া আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ৩০-৪০ মিনিটৰ ভিতৰতে গুলীয়াগুলীৰ অন্ত পৰে যদিও আৰক্ষীৰ গুলীচালনাত মৃত্যু হয় প্ৰাক্তন শিক্ষার্থীৰ।
আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীজনৰ নাম অড্ৰে হেল। তেওঁৰ বয়স ২৮ বছৰ। ঘৰ নেচভিলত। অড্ৰে আছিল এগৰাকী পেছাদাৰী গ্রাফিক আৰ্টিষ্ট। যদিও তেওঁ কিয় হঠাতে নিজৰ শৈশৱৰ স্কুলত এছাল্ট ৰাইফল লৈ গুলীচালনা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অড্ৰে বিদ্যালয়খনৰ পিছফালৰ গেটেৰে প্ৰৱেশ কৰে।ইয়াৰ পিছত অড্ৰে শ্ৰেণীকোঠাৰ দুৱাৰখন খুলি সোমাই যায় আৰু গুলীচালনা আৰম্ভ কৰে ৷ গুলীত নিহত হয় তিনিজন ছাত্ৰ। পিছত বিদ্যালয়খনৰ এজন কৰ্মচাৰীৰো মৃত্যু হয়। শেষত আৰক্ষীৰ গুলীচালনাত অড্ৰেৰো মৃত্যু হয়।