VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমেৰিকাৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ডঃ প্ৰাক্তন শিক্ষার্থীৰ নির্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ছজনৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2023
in মুখ্য সংবাদ
আমেৰিকাৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ডঃ প্ৰাক্তন শিক্ষার্থীৰ নির্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ছজনৰ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

 

আমেৰিকাৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হ’ল ভয়াৱহ গুলীচালনাৰ ঘটনা ৷ পুৱা ১০ বজাত  বিদ্যালয় আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পিছত সংঘটিত হয় এই ঘটনা। দুয়োহাতে দুটা ৰাইফল লৈ হঠাৎ বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন শিক্ষার্থীয়ে বিদ্যালয়ত প্ৰৱেশ কৰে আৰু নির্বিচাৰ গুলীচালনা কৰে ৷ আমেৰিকাৰ টেনেচিৰ নেচভিলৰ এখন খ্ৰীষ্টান বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

 

বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীলৈকে পাঠদান কৰা হয়। কোনো এজন ছাত্ৰৰ বয়স ১২ বছৰৰ অধিক নহয়। প্ৰাক্তন ছাত্ৰগৰাকীৰ গুলীচালনাত ৬ জন লোকৰ থিতাতে মৃত্যু হয়। আন বহু লোক গুৰুতৰভাৱে আহত হয়। বাকীসকলে আতংকিত হৈ বিদ্যালয়খনৰ মূল দুৱাৰেদি পলায়ন কৰে ৷

কিছু সময়ৰ পাছত অৱশ্যে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বন্দুকধাৰী প্ৰাক্তন ছাত্ৰজনক ঘেৰি ধৰে। যেতিয়া তেওঁ আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে তেতিয়া আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ৩০-৪০ মিনিটৰ ভিতৰতে গুলীয়াগুলীৰ অন্ত পৰে যদিও আৰক্ষীৰ গুলীচালনাত মৃত্যু হয় প্ৰাক্তন শিক্ষার্থীৰ।

 

আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীজনৰ নাম অড্ৰে হেল। তেওঁৰ বয়স ২৮ বছৰ। ঘৰ নেচভিলত। অড্ৰে আছিল এগৰাকী পেছাদাৰী গ্রাফিক আৰ্টিষ্ট। যদিও তেওঁ কিয় হঠাতে নিজৰ শৈশৱৰ স্কুলত এছাল্ট ৰাইফল লৈ গুলীচালনা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অড্ৰে বিদ্যালয়খনৰ পিছফালৰ গেটেৰে প্ৰৱেশ কৰে।ইয়াৰ পিছত অড্ৰে শ্ৰেণীকোঠাৰ দুৱাৰখন খুলি সোমাই যায় আৰু গুলীচালনা আৰম্ভ কৰে ৷ গুলীত নিহত হয় তিনিজন ছাত্ৰ। পিছত বিদ্যালয়খনৰ এজন কৰ্মচাৰীৰো মৃত্যু হয়। শেষত আৰক্ষীৰ গুলীচালনাত অড্ৰেৰো মৃত্যু হয়।

 

 

Previous Post

এবছৰত বিশ্বৰ ১২১২খন মেচত ফিক্সিং! তালিকাত ক্ৰিকেটৰ ১৩ খন মেচ , ভাৰততো হৈছে নেকি দুৰ্নীতি?

Next Post

বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপন আয়োজন

Related Posts

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
হোৱাইট হাউছৰ পৰা ট্ৰাম্পে  আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ
মুখ্য সংবাদ

হোৱাইট হাউছৰ পৰা ট্ৰাম্পে আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ

June 10, 2023
Next Post
বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপন আয়োজন

বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপন আয়োজন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7