চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ। অক্টোবৰৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব পাৰে বুলি ইতিমধ্যে প্ৰকাশ পাইছে ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ’ব পাৰে বুলি সূত্ৰই সদৰী কৰিছে ৷ ২০১১ চনৰ বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হোৱা মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ছেমি ফাইনেল অনুষ্ঠিত হ’ব পাৰে।
বিশ্বকাপত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। ব’ৰ্ডৰ পৰিকল্পনা অনুসৰি মুঠ ১২খন চহৰত অনুষ্ঠিত হ’ব এই মেচ। অৰ্থাৎ প্ৰতিখন চহৰতে কমেও চাৰিখন খেলৰ আয়োজন কৰা হ’ব। ফাইনেলখন আহমেদাবাদত অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। এই ষ্টেডিয়ামখন সংস্কাৰ কৰাৰ পিছত দৰ্শকৰ সংখ্যা এক লাখলৈ বৃদ্ধি কৰা হৈছে। ফলত এইকেইদিন আহমেদাবাদত যিকোনো ডাঙৰ প্ৰতিযোগিতাৰ ফাইনেল বা মুকলি মেচ অনুষ্ঠিত হয়। এইবাৰ আই পি এলৰ উদ্বোধনী মেচখনো এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷
পাকিস্তানে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাহিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু যদি তেওঁলোকে সন্মতি দিয়ে, তেন্তে দিল্লী বা চেন্নাইত ভাৰত –পাকিস্তানৰ মেচ অনুষ্ঠিত হ’ব পাৰে ৷ শেষবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপত দুয়োটা দলৰ মাজত ছেমি ফাইনেলত মুখামুখি হৈছিল। সেই মেচখন হৈছিল মোহলীত। এইবাৰ গ্ৰুপতেই ই্টো দল আনটোৰ মুখামুখি হোৱাৰ সুযোগ আছে ৷
শেহতীয়াকৈ জনা গৈছে যে বাবৰ আজমে হয়তো ভাৰতলৈ বিশ্বকাপ খেলিবলৈ নাহিব। ইয়াৰ বিপৰীতে বাংলাদেশত পাকিস্তানৰ মেচ অনুষ্ঠিত হ’ব পাৰে। কিন্তু বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ বৈঠকত এনে প্ৰস্তাৱ দিব পাৰে। যিহেতু ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়, সেয়েহে তেওঁলোকেও এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নিবিচাৰে। ইতিমধ্যে পাকিস্তান কৰ্তৃপক্ষই তেওঁলোকৰ আপত্তি সম্পৰ্কে আইচিচিক অৱগত কৰিছে।
ক্ৰিকেটতো দুয়োখন দেশৰ শীতল দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা কেইবাবছৰ ধৰি বন্ধ হৈ আছে । দুয়োখন দেশে কেৱল আই চি চি বা বহু দলীয় প্ৰতিযোগিতাতহে মুখামুখি হৈছে । পৰৱৰ্তী এছিয়া কাপৰ আয়োজক পাকিস্তান। পৰৱৰ্তী এদিনীয়া বিশ্বকাপ পুনৰ আয়োজন কৰিব ভাৰতে। যোৱা টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। নিৰপেক্ষ দেশত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।