যদিও পুৰুষ মহিলাতকৈ শাৰীৰিকভাৱে অধিক সক্ৰিয়, তথাপিও পুৰুষৰ আয়ুস মহিলাতকৈ বেছি নহয়। শেহতীয়াকৈ হাৰ্ভাৰ্ড মেডিকেল কলেজৰ বিজ্ঞানীৰ এটা দলে তেওঁলোকৰ গৱেষণা পত্ৰত এনে তথ্য দাঙি ধৰিছে। গৱেষণাৰ প্ৰতিবেদনত ইয়াৰ কাৰণ বাখ্যা কৰা হৈছে ৷
১) জেনেটিক্স
গৱেষকসকলৰ মতে জিনীয় কাৰণত অতি ভ্ৰূণ পৰ্যায়ৰ পৰাই এনে বিভাজনৰ সৃষ্টি হয়। কিন্তু দুয়োটা ভ্ৰূণতে ২৩ যোৰ ক্ৰম’জম থাকে। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে ২২ যোৰ ক্ৰম’জম একে যদিও শেষৰ যোৰ বেলেগ। যিটো ল’ৰাৰ বাবে ‘এক্স ওৱাই আৰু ছোৱালীৰ বাবে এক্স এক্স। অধ্যয়নত দেখা গৈছে যে এই ওৱাই ক্ৰম’জমটোৱেই আচলতে বিভিন্ন ৰোগৰ বাহক ৷ সেয়ে পুৰুষৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।
২) হৰম’ন
পুৰুষৰ শৰীৰত থকা টেষ্টষ্টেৰন হৰম’ন হৃদযন্ত্ৰৰ পেশীত দীৰ্ঘদিন ধৰি জমা হৈ থাকে। যাৰ ফলত বৃদ্ধ বয়সত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। আনহাতে, ছোৱালীৰ শৰীৰত থকা ইষ্ট্ৰজেন হৰম’নে হৃদযন্ত্ৰৰ ঔষধৰ দৰে কাম কৰে। সেয়ে ছোৱালীৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম।
৩) প্ৰজনন তন্ত্ৰ
ইয়াৰ বাবে পুৰুষ আৰু মহিলা উভয় যৌনাংগই বহুলাংশে দায়ী। পুৰুষৰ শৰীৰত থকা প্ৰষ্টেট গ্ৰন্থিয়ে বিভিন্ন ৰোগৰ জন্ম দিয়ে। সেই দৃষ্টিকোণৰ পৰা মহিলাৰ স্তন আৰু জৰায়ু সুৰক্ষিত নহয়। কিন্তু অধ্যয়নটোত কোৱা হৈছে যে, এই ক্ষেত্ৰত পুৰুষৰ যৌনাংগৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি।
৪) বিপাকীয় হাৰ
মহিলাৰ দীৰ্ঘায়ুৰ অন্যতম কাৰণ হ’ল বিপাকীয় ক্ৰিয়া। গাঁথনিগত কাৰণত পুৰুষতকৈ মহিলাৰ ‘ভাল’ কলেষ্টেৰলৰ মাত্ৰা বেছি। যিটো হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ কাৰণ । ঋতুচক্ৰ বন্ধ হোৱা বয়সৰ পিছত মহিলাসকলে শৰীৰৰ চৰ্বি জমা হোৱাৰ প্ৰৱণতা দেখা যায়। কিন্তু তেতিয়ালৈকে ছোৱালীৰ মেদবহুলতাৰ বিশেষ সমস্যা নহয়। ই বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়।
৫) সামাজিক কাৰক
পুৰুষে একেলগে বহু বোজা কঢ়িয়াব পাৰে যদিও মহিলাসকলে দিনটোৰ ভিতৰতে ঘৰৰ ভিতৰত আৰু বাহিৰত বিভিন্ন ধৰণৰ কাম কৰে। গতিকে শাৰীৰিক ব্যায়াম তেওঁলোকৰ বাবে বেছি। ইয়াৰ বাহিৰেও মহিলাৰ শৰীৰ সন্তান জন্ম দিয়াৰ উপযোগী, গতিকে ক’ব পাৰি যে পুৰুষতকৈ মহিলা বহু বেছি সহনশীল।