VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজনীতিবিদসকলে ধর্মক ৰাজনীতিৰ সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 30, 2023
in আইন
ৰাজনীতিবিদসকলে  ধর্মক ৰাজনীতিৰ  সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ঘৃণামূলক ভাষণৰ পৰাই আৰম্ভ হয় ভোট । ইয়াৰ পূৰ্বেও নাগৰিক সমাজ, সংবাদ মাধ্যমৰ এটা অংশ ইয়াৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৷ এইবাৰ উচ্চতম ন্যায়ালয়ে  ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে । বুধবাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি থকা অৱস্থাত ৰাজনীতিবিদৰ ঘৃণামূলক ভাষণ সন্দর্ভত মত প্ৰকাশ কৰে ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠে। জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মাজনিশা বৈঠক অনুষ্ঠিত হ’লেও দূৰ-দূৰণিৰ পৰা তেওঁলোকৰ ভাষণ শুনিবলৈ মানুহ গোট খাই ন্যায়াধীশ দুগৰাকীয়ে মন্তব্য কৰিছে ।

 

অৱশ্যে এতিয়া পৰিস্থিতি বেলেগ। ন্যায়াধীশ জোচেফে কয়  যে আজিৰ ৰাজনীতিবিদসকলে নিজৰ কামৰ লগত ধৰ্মক সাঙুৰি লৈছে ৷ ৰাজহুৱা সভাত ঘৃণামূলক ভাষণ ৰোধৰ বাবে পদক্ষেপ নোলোৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জোচেফে কয় যে ধৰ্ম আৰু ৰাজনীতি সম্পূৰ্ণ পৃথক। এটাৰ লগত আনটো সানমিহলি কৰাটো কঠিন ৷ আজিৰ ৰাজনীতিবিদসকলে ধৰ্মক ৰাজনীতিৰ লগত সানমিহলি কৰিছে ৷ ইয়াতেই সমস্যাৰ সৃষ্টি হয়। আমি ৰাজনীতিত ধৰ্মৰ ব্যৱহাৰ বন্ধ কৰিলেহে সকলো সমস্যা সমাধান হব। ঘৃণামূলক ভাষণৰ কোনো সম্ভাৱনা নাথাকিব।

 

ন্যায়াধীশ দুগৰাকীয়ে কয় “ প্ৰতিটো কাৰ্য্যৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। সংবিধান অনুসৰি সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে । ৰাজ্য আৰু কেন্দ্ৰই ঘৃণামূলক ভাষণৰ কোনো দায়িত্ব লোৱা নাই। ৰাষ্ট্ৰই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আমি হস্তক্ষেপ কৰিব লাগিব। ৰাজ্য শক্তিহীন। বহি থাকিলে ক্ষমতাত থাকি কি লাভ?”

 

এই প্ৰসংগত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেন্দ্ৰ মৌন নহয়। কেন্দ্ৰই পিএফআই নিষিদ্ধ কৰিছে। কিন্তু তেওঁ  ৰাজ্য সন্দৰ্ভত কোনো মন্তব্য দিব নোৱাৰে। কিন্তু এই দায়িত্ব কেৱল ৰাজ্য বা কেন্দ্ৰৰ নহয়। প্ৰতিজন ভাৰতীয়ই ইয়াৰ বিৰুদ্ধে আগবাঢ়ি আহিব লাগে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে টেলিভিছন বা আন সংবাদ মাধ্যমত ঘৃণামূলক ভাষণ প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।

 

Previous Post

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

Next Post

১৪ বছৰীয়া কেৰিয়াৰত ৪৫১২ বাৰ ধূমপানৰ বাবে বিৰতি! কোন বিষয়াই ভৰিলে ৯ লাখ টকাৰ জৰিমনা ?

Related Posts

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
১৪ বছৰীয়া কেৰিয়াৰত ৪৫১২ বাৰ ধূমপানৰ  বাবে বিৰতি! কোন বিষয়াই ভৰিলে ৯ লাখ টকাৰ জৰিমনা ?

১৪ বছৰীয়া কেৰিয়াৰত ৪৫১২ বাৰ ধূমপানৰ বাবে বিৰতি! কোন বিষয়াই ভৰিলে ৯ লাখ টকাৰ জৰিমনা ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7