ঘৃণামূলক ভাষণৰ পৰাই আৰম্ভ হয় ভোট । ইয়াৰ পূৰ্বেও নাগৰিক সমাজ, সংবাদ মাধ্যমৰ এটা অংশ ইয়াৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৷ এইবাৰ উচ্চতম ন্যায়ালয়ে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে । বুধবাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি থকা অৱস্থাত ৰাজনীতিবিদৰ ঘৃণামূলক ভাষণ সন্দর্ভত মত প্ৰকাশ কৰে ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠে। জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মাজনিশা বৈঠক অনুষ্ঠিত হ’লেও দূৰ-দূৰণিৰ পৰা তেওঁলোকৰ ভাষণ শুনিবলৈ মানুহ গোট খাই ন্যায়াধীশ দুগৰাকীয়ে মন্তব্য কৰিছে ।
অৱশ্যে এতিয়া পৰিস্থিতি বেলেগ। ন্যায়াধীশ জোচেফে কয় যে আজিৰ ৰাজনীতিবিদসকলে নিজৰ কামৰ লগত ধৰ্মক সাঙুৰি লৈছে ৷ ৰাজহুৱা সভাত ঘৃণামূলক ভাষণ ৰোধৰ বাবে পদক্ষেপ নোলোৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জোচেফে কয় যে ধৰ্ম আৰু ৰাজনীতি সম্পূৰ্ণ পৃথক। এটাৰ লগত আনটো সানমিহলি কৰাটো কঠিন ৷ আজিৰ ৰাজনীতিবিদসকলে ধৰ্মক ৰাজনীতিৰ লগত সানমিহলি কৰিছে ৷ ইয়াতেই সমস্যাৰ সৃষ্টি হয়। আমি ৰাজনীতিত ধৰ্মৰ ব্যৱহাৰ বন্ধ কৰিলেহে সকলো সমস্যা সমাধান হব। ঘৃণামূলক ভাষণৰ কোনো সম্ভাৱনা নাথাকিব।
ন্যায়াধীশ দুগৰাকীয়ে কয় “ প্ৰতিটো কাৰ্য্যৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। সংবিধান অনুসৰি সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে । ৰাজ্য আৰু কেন্দ্ৰই ঘৃণামূলক ভাষণৰ কোনো দায়িত্ব লোৱা নাই। ৰাষ্ট্ৰই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আমি হস্তক্ষেপ কৰিব লাগিব। ৰাজ্য শক্তিহীন। বহি থাকিলে ক্ষমতাত থাকি কি লাভ?”
এই প্ৰসংগত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেন্দ্ৰ মৌন নহয়। কেন্দ্ৰই পিএফআই নিষিদ্ধ কৰিছে। কিন্তু তেওঁ ৰাজ্য সন্দৰ্ভত কোনো মন্তব্য দিব নোৱাৰে। কিন্তু এই দায়িত্ব কেৱল ৰাজ্য বা কেন্দ্ৰৰ নহয়। প্ৰতিজন ভাৰতীয়ই ইয়াৰ বিৰুদ্ধে আগবাঢ়ি আহিব লাগে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে টেলিভিছন বা আন সংবাদ মাধ্যমত ঘৃণামূলক ভাষণ প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।