মাদ্ৰিদৰ এখন ৰেষ্টুৰেণ্টত দেখা গ’ল ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো। লগত প্ৰেয়সী জৰ্জিনা ৰড্ৰিগেজ। সীমিত সংস্কৰণৰ বুগাটি গাড়ীত দেখা গৈছিল দুয়োকে। কিন্তু সকলোৰে চকু তাৰকা দম্পত্তীহালত নহয়, উৎসুকতা বাঢ়িছিল গাড়ীখনক লৈ ৷ কাৰণ ইয়াৰ মূল্য শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ গাড়ীখনৰ মূল্য প্ৰায় ৭২ কোটি টকা। যোৱা বছৰ ডিচেম্বৰ মাহত মাদ্ৰিদৰ এই ৰেষ্টুৰেণ্টখনত দেখা গৈছিল ৰোনাল্ডোক। সেই সময়ত তেওঁ ছুটীত আছিল। এইবাৰ ছিজনৰ মাজভাগত হঠাতে মাদ্ৰিদত উপস্থিত হৈছে ৰোনাল্ডো।
ডিচেম্বৰ মাহত বিশ্বকাপৰ পাছত কিছু সময় ছুটী আছিল ৰোনাল্ডো। সেই সময়ত তেওঁ মাদ্ৰিদলৈ গৈছিল। ৰিয়েল মাদ্রিদলৈ ঘূৰি অহাৰ সন্দর্ভতো জল্পনা-কল্পনা আৰম্ভ হৈছিল৷ পিছলৈ অৱশ্যে তেওঁ ছৌদি আৰৱৰ ক্লাব আল নাছেৰত যোগদান কৰে। সেই দলটোৰ হৈ ৰোনাল্ডোৰ পৰৱৰ্তী মেচ অনুষ্ঠিত হ’ব ৫ এপ্ৰিল। তাৰ আগতে কিছু সময় পাইছিল তেওঁ । তাৰ সুযোগ লৈ ৰোনাল্ডো ছুটীৰ বাবে মাদ্ৰিদত উপস্থিত হয় ৷
বিশ্বকাপত মৰক্কোৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ৰোনাল্ডো পুনৰ দেশৰ জাৰ্চিলৈ ঘূৰি আহিছে । ইউৰো কাপৰ কোৱালিফাইং পৰ্যায়ত তেওঁ পৰ্তুগালৰ জাৰ্চি পিন্ধি দুখন মেচ খেলিছিল। তেওঁ এটা গ’লও কৰে। লাক্সেমবাৰ্গৰ বিৰুদ্ধে ৰোনাল্ডোৱে দুটা গ’ল দিয়ে। পূৰ্বৰ মেচতো তেওঁ দুটা গ’ল দিছিল। পুৰুষৰ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখো তেওঁ গঢ়িবলৈ সক্ষম হৈছে ৷ ৰোনাল্ডোৰ পৰ্তুগালে ২০১৬ চনত ইউৰো কাপ জয় কৰিছিল।