সাগৰৰ মাজত এখন যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তিনি শিশুসহ ৩১ জন লোকৰ মৃত্যু হয়। বুধবাৰে নিশা দক্ষিণ ফিলিপাইনছৰ বাচিলান দ্বীপৰ সমীপত সংঘটিত হয় এই ঘটনা। মৃতসকলৰ ভিতৰত এটা ছমহীয়া কেঁচুৱাও আছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা নিশা ১১ বজা এই ঘটনা সংঘটিত হয় ৷ লেডী মেৰী নামৰ নাওখনত হঠাতে সাগৰৰ মাজত দপদপকৈ জ্বলি উঠে ৷ অধিকাংশ যাত্ৰী নিশা শুই থকাৰ বাবে নিজক বচোৱাৰ সুযোগ লাভ নকৰিলে ৷ অলপ সময়ৰ ভিতৰতে নাওখনৰ সম্পূর্ণ অংশ জুইত জাহ যায় ৷ বহুতে নিজৰ জীৱন ৰক্ষাৰ বাবে পানীত জপিয়াই পৰে। অৱশ্যে সাঁতুৰিব নজনাৰ বাবে তেওঁলোকৰ পানীত ডুবি মৃত্যু হয় ৷ পানীৰ পৰা উদ্ধাৰ হৈছে ১০টা মৃতদেহ। নাওখনৰ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
গোটেই নিশাৰ প্ৰচেষ্টাৰ অন্তত বৃহস্পতিবাৰে পুৱা উদ্ধাৰকাৰীয়ে জুই নিয়ন্ত্ৰণলৈ আনে। নাওখনৰ তলৰ স্থানত থকা এয়াৰ কণ্ডিচনাৰ কেবিনত আন ১৮টা মৃতদেহ জ্বলি ছাই হৈ থকা অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীয়ে জনোৱা মতে, মুঠ ৩১টা মৃতদেহ উদ্ধাৰ হৈছে। ২৩০ জন লোকক উদ্ধাৰ কৰা হয়। বহু যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে।