গুৱাহাটী ৩ এপ্ৰিল-: অসমৰ নাট্য জগতৰ মহীৰুহ পদ্মশ্ৰী অৰুণ শৰ্মাৰ “চিত্ৰলেখা” নাটকখন কাল্পনিক এক অপূৰ্ব সৃষ্টি ৷ কাল্পনিক নাটকতো চৰিত্ৰ সৃষ্টি তুলনাবিহীন ৷ নাট খন সমসাময়িক সামাজিক পৰিস্থিতি আৰু প্ৰেক্ষাপটৰ পৰা আহৰণ কৰা। নাট খনত সংলাপৰ শব্দ,ভাষা হৃদয় চুই যোৱা ৷ “চিত্ৰলেখা” নাৰী শক্তিৰ সাহসিকতাৰ প্ৰক্ষেপৰ এক অপূৰ্ব সৃষ্টি । লাঞ্চিত, অবহেলিত হলেও নিজৰ লগত থকা কৃষ্টি, সাধনা জীৱিত কৰি সতেজ কৰি ৰাখিছিল। নাটত মুখ্য চৰিত্ৰ “চিত্ৰলেখা” এগৰাকী নৃত্য শিল্পী। গুৰুমাই তাইৰ নৃত্যৰ গুৰু আছিল আৰু গুৰুমাই তাইক ডাঙৰ দীঘল কৰিছিল। নৃত্যৰ লগত জৰিত হৈ থাকোতেই চিত্ৰলেখা অনিৰুদ্ধৰ প্ৰেমত পৰে যদিও শেষত তেওঁ উষাক বিয়া কৰায়; কাৰণ চিত্ৰলেখা উপপত্নীৰ ছোৱালী, বিবাহৰ বাহিৰত জন্ম হোৱা ছোৱালী, বিয়াৰ বাবে সামাজিকভাৱে গ্ৰহণযোগ্য নাছিল। চিত্ৰলেখা লাঞ্চিত, অবহেলিত সমাজৰ ঘিনাৰ পাত্ৰ।
তাই মানসিক আঘাত পাইছিল যদিও নিজৰ কলা কৃষ্টি নিয়াৰিকৈ কৰি গৈছিল। গুৰুমা ও চিত্ৰলেখাৰ দৰেই জীৱন । বহুজনৰ নৃত্যৰ গুৰু আছিল যদিও বিয়াৰ বাবে সামাজিক ভাবে গ্ৰহন যোগ্য নাছিল। নৃত্যৰ বাবে প্ৰেম প্ৰস্তাৱ পাইও সমাজৰ প্ৰচলিত ধাৰাৰ বাবে সকলো বাধা পাইছিল। শোষণ, অবহেলা, লাঞ্চিত হৈছিল প্ৰতি ক্ষণত। গুৰুমাই সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি বহুজনক লালন পালন কৰি নৃত্য শিকাই গৈছিল। নাটকত থাকিবলগীয়া সকলো ৰসেই যেন “চিত্ৰলেখা”ত আছে ৷ তেনে এখন নাট সফল ভাৱে মঞ্চায়ন কৰাটো কঠিন। সেই কঠিন কাম সফলতাৰে মঞ্চায়ণ কৰিছিল সংগীত নাটক অকাডেমি বঁটা প্ৰাপ্ত অবিনাশ শৰ্মাই “অৰুণ শৰ্মাৰ পবিত্ৰ সোঁৱৰণ”ত যোৱা ২৭ আৰু ২৮ মাৰ্চ তাৰিখে গুৱাহাটীৰ সূৰ্য্য প্ৰেক্ষাগৃহত। অৰুণ শৰ্মা নাট্য আৰু স্মৃতি ন্যাসৰ নিবেদন “চিত্ৰলেখা”ৰ নাটৰ প্ৰতিটো দৃশ্যৰ অভিনয় শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। সকলোকে নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে। প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷ এটা শব্দও অলাগতীয়াল, অপ্ৰয়োজনত সংলাপত সংযোজন কৰা নাই ৷
“চিত্ৰলেখা” নাটকখনৰ মূল চৰিত্ৰ “চিত্ৰলেখা”ৰ চৰিত্ৰত সুনিতা কৌশিকৰ অভিনয় প্ৰতিভা শলাগিবলগীয়া ৷ কোনো ধৰনৰ জড়তা নাছিল। প্ৰতিটো দৃশ্যত সুন্দৰ ভাৱে অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিব পাৰিছে। আন এটি মুখ্য চৰিত্ৰ “গুৰুমাই”ৰ অভিনয় ও সুনিতা কৌশিকৰ । নাৰীৰ শক্তি সুন্দৰ ভাবে প্ৰতিফলিত কৰিছে। নাৰীক দুৰ্বল ভাব নাটত দেখুওৱা হোৱা নাছিল। সকলো সহিও আগুৱাই গৈছিল চিত্ৰলেখা আৰু গুৰুমাই। নাটৰ পুৰুষ চৰিত্ৰত অভিনয় কৰা ড. চিন্ময় চক্ৰৱৰ্তীৰ অভিনয় আছিল নিখুত আৰু হৃদয়স্পৰ্শী ৷ অবিনাশ শৰ্মাৰ পৰিচালনাত সংগীতত সহায় কৰিছে মন্দীপ মহন্তই ৷ দৃশ্য সজ্জা আৰু মঞ্চ সজ্জাত বিকুল বড়ো, উমাকান্ত সোণোৱাল ৷ পোহৰ দিম্পল দাস, ৰূপসজ্জা অৰূপ মালকাৰ, সাজসজ্জা ভাস্কৰ গেলেৰী, পোহৰ মুকুট চৌধুৰী, উৎপাদন নিয়ন্ত্ৰক গৌতম দাস আৰু বিনোদ দাস। নাটৰ নিখুত মঞ্চ সজ্জা আৰু পোহৰ নিক্ষেপ, সাজ-সজ্জা আৰু ৰূপ-সজ্জা শিল্পই নাট্যৰসিকে কোনো খুত উলিয়াবলৈ সুযোগেই নাপালে ৷ সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। নাটখনত চৰিত্ৰ বহুতো আছিল যদিও অবিনাশ শৰ্মাই নাটৰ কৌশলৰ জৰিয়তে দুটা চৰিত্ৰৰে সম্পুৰ্ণ নাট খন দৰ্শকৰ মাজত সুন্দৰ ভাৱে সফলতাৰে মঞ্চায়ন কৰিছে। গুৱাহাটীৰ সাধাৰণ নাট্যৰসিকৰ লগতে স্বনামধন্য পৰিচালক, অভিনেতা সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক অবিনাশ শৰ্মাৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ তেখেতৰ পৰিচালিত নাট সমূহ সমাজ ব্যবস্থাৰ লগত জৰিত। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।