কেতিয়াবা আমাৰ চকুৰ আগত সদায় দেখি থকা বহু কথাই আমি গুৰুত্ব নিদিও বা সেইকথাবোৰক গুৰুত্ব দিয়াৰ কিবা প্ৰয়োজন বুলি নাভাবো ৷ আপোনালোক সকলোৱে নিশ্চয় ঘড়ীৰ বহুত বিজ্ঞাপন দেখিছে।কিন্তু বহুতেই হয়তো এই কথা মন কৰা নাই যে প্ৰায়ে ঘড়ীৰ বিভিন্ন বিজ্ঞাপনসমূহত ১০:১০ বজাৰ সময় দেখা পোৱা যায় ৷
কিন্তু কিয় এনেকুৱা হয় জানেনে ? কোম্পানীবোৰে এনে কৰাৰ আঁৰত আছে চাৰিটা কাৰণ ।
- কোৱা হয় যে ১০:১০ বজাত ঘড়ীৰ হাত কাঁটাদুডাল সুষম আকৃতিত থাকে। মনোবিজ্ঞানৰ মতে মানুহে ভাৰসাম্যপূৰ্ণ বস্তুবোৰ বেছিকৈ চাবলৈ ভাল পায়।
- আনহাতে ১০:১০ সময় থকা ঘড়ীটো দেখিলে ঘড়ীটোৱে হাঁহি থকা যেন অনুভৱ হয়। হাঁহি থকা মুখ এখনৰ দৰে ঘড়ীটোও সেই সময়ত ঠিক তেনেকৈয়ে দেখা যায়।
- যেতিয়া ঘড়ীত ১০:১০ বাজি থাকে, তেতিয়া এটা চিন দেখা যায়।ভি(V)ৰ এই চিন বিজয়ৰ প্ৰতীক। সেইবাবেই ঘড়ী কোম্পানীয়ে এই সময় বিজ্ঞাপনত দেখুৱায়।
- আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ১০:১০ বজাত ঘড়ীটোৰ বাকী সকলোবোৰ ব্ৰেণ্ডৰ নামৰ দৰে, ঘড়ী কোম্পানীৰ ল’গ’টো অধিক স্পষ্টকৈ দেখা যায়। গতিকে বিজ্ঞাপন সমূহত এই সময়টো ঘড়ীত প্ৰায়ে দেখা পোৱাৰ কাৰণো হ’ব পাৰে।