খোৱাৰ অনিয়ম হ’লেই পেট ফুলাৰ সমস্যা হ’ব পাৰে। কোষ্ঠকাঠিন্য , গেচ নাইবা হজমৰ বিভিন্ন সমস্যাৰ পৰাও পেট ফুলিব পাৰে। এনে ধৰণৰ সমস্যা হ’লে অৱহেলা কৰা উচিত নহয়। বিভিন্ন কাৰণত পেট ফুলিব পাৰে। পেটত মেদ জমা হ’লে , পেটৰ ভিতৰত পানী জমা হ’লে নাইবা পেটত বায়ু জমা হ’লেও পেট ফুলাৰ সমস্যা হ’ব পাৰে। বহুতৰ আকৌ খোৱাৰ পিছতেই পেট ফুলি যায়। পুষ্টবিদৰ মতে , বহুত সময়ত খাদ্যাভাসৰ পৰিৱনৰ্তৰ কাৰণেও পেট ফুলিব পাৰে। কোষ্ঠকাঠিন্য , গেচ নাইবা হজমৰ সমস্যাৰ পৰা প্ৰথমতে পেট ফুলিবলৈ ধৰে আৰু দীৰ্ঘ সময় ধৰি পেট ফূলি থাকিলে সমস্যা জটিল হৈ পৰিব পাৰে।
পুষ্টিবিদ সকলৰ মতে –
১) আমি কি খাইছো সেইটো যেনেকৈ গুৰুত্বপূৰ্ণ কথা ঠিক তেনেকৈ কি ধৰণে খাইছো সেইটো আৰু জৰুৰী কথা । যেতিয়াই খৰধৰকৈ খাদ্য খোৱা হয় তেতিয়াই বহুত বেছি পৰিমাণে বতাহ পেটলৈ যায় আৰু সেইবাবে পেট ফুলিব পাৰে। গতিকে লাহে লাহে সময় লৈ আহাৰ গ্ৰহণ কৰিব লাগে আৰু খোৱা বস্তু ভালকৈ চবাই খাব লাগে।
২) পেট ফুলাৰ সমস্যা কমাবলৈ হ’লে প্ৰচুৰ পৰিমাণে পটাছিয়াম যুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে পুষ্টিবিদ সকলে। প্ৰতিদিনে যদি পেট ফুলাৰ সমস্যা হয় তেনেহ’লে কল , মিঠা আলু , অমৰা আদি প্ৰতিদিনৰ খাদ্য তালিকাত ৰাখিব লাগে। পুষ্টিবিদ সকলৰ মতে , পটাছিয়াম সমৃদ্ধ খাদ্যই প্ৰদাহ কমোৱাত বিশেষ ভূমিকা লয়।
৩) প্ৰতিদিনৰ খাদ্য তালিকাত ছডিয়ামৰ মাত্ৰা বাঢ়িলে শৰীৰত পানীৰ পৰিমাণ বাঢ়ি যায় আৰু পেট ফুলাৰ নিচিনা সমস্যা হ’ব পাৰে। ব্ৰেড , ৰ’ল , পিৎজা , ছেন্দুইজ , ফ্ৰোজেন মাংস ছুপ , নিমখীয়া খাদ্য আদি এৰাই চলিব লাগে।
৪) গেষ্ট্ৰোইনটেষ্টাইনাল ট্ৰাক্টত প্ৰচুৰ পৰিমাণে বায়ু বা গেচ জমা হ’লে পেট ফুলি যাব পাৰে আৰু তাৰ লগতে হজমৰ সময়ত গেচ জমা হয় আৰু তাৰ ফলত অস্বস্তি বাঢ়িব পাৰে। গতিকে প্ৰতিটো গধূৰ আহাৰ গ্ৰহণ কৰাৰ পিছত জোৱান , চফগুটি আৰু জিৰা মিহলাই তৈয়াৰ কৰা পানীয় পান কৰিব লাগে। এই পানীয় পান কৰিলে বহুতো উপকাৰ পোৱা যায়।
যদিহে এই সমস্যা বেছি হয় তেনেহ’লে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।