VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পর্ণ তাৰকাক উৎকোচঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 5, 2023
in মুখ্য সংবাদ
পর্ণ তাৰকাক উৎকোচঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

মার্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত সংঘটিত হ’ল নোহোৱা নোপোজা ঘটনা ৷ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি ৷ পর্ণ তাৰকাক উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল ডোনাল্ড ট্ৰাম্প ৷ আদালতত আত্মসমৰ্পণৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল ড’নাল্ড ট্ৰাম্পক। মঙলবাৰে নিশা নিউয়ৰ্কৰ মানহাটান আদালতত আত্মসমৰ্পণৰ কথা আছিল। কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক জিম্মাত লয় ৷ ইয়াৰ পিছত শুনানি আৰম্ভ হয় ৷ অৱশ্যে গ্ৰেপ্তাৰ হলেও তেওঁক আৰক্ষীয়ে জিম্মাত নলয় ৷ যাৰ বাবে নিশা আদালতৰ পৰা তেওঁ ফ্ল’ৰিডাৰ বাসগৃহলৈ আহে ৷

 

অভিযোগ অনুসৰি ট্ৰাম্পে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক উৎকোচ দিছিল যাতে তেওঁৰ যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ নকৰে ৷  অৱশ্যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুগামীসকলে অভিযোগ কৰিছে যে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ। অপৰাধমূলক গোচৰৰ অভিযুক্ত ট্ৰাম্পে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১২:১৫ বজাত নিউয়ৰ্কৰ মানহাটান আদালতত আত্মসমৰ্পণৰ কথা আছিল। কিন্তু আৰক্ষীৰ সূত্ৰ অনুসৰি ন্যায়াধীশৰ নিৰ্দেশত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

 

এই পৰিস্থিতিত  সমগ্ৰ নিউয়ৰ্কত আৰক্ষীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ এটা অংশইও আশংকা কৰিছে যে যদি ৰিপাব্লিকান নেতা ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হয় তেন্তে তেওঁৰ অনুগামীসকলে হিংসাত্মক প্ৰতিবাদৰ পথত আগবাঢ়িব পাৰে। ইতিমধ্যে নিউয়ৰ্কৰ ৰাজপথত একাংশ  ট্ৰাম্প সমৰ্থকৰ সমাৱেশ দেখা গৈছে। তদুপৰি ট্ৰাম্পৰ শাস্তি বিচাৰি ট্ৰাম্পৰ বিৰোধীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে। আনহাতে ট্ৰাম্পৰ অধিবক্তাই আদালতত হাজিৰ হোৱাৰ ভিডিঅ’ মুক্তি নিষিদ্ধ কৰিবলৈ আদালতত আবেদন জনায়।

 

ষ্টৰ্মীয়ে দাবী কৰে যে ২০০৬ চনত তেওঁৰ আৰু ট্ৰাম্পৰ মাজত শাৰীৰিক সম্পৰ্ক আছিল। ইয়াৰ পিছত ২০১৬ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে মুখ বন্ধ কৰি ৰাখিবলৈ ১ লাখ ৩০ হাজাৰ আমেৰিকান ডলাৰৰ উৎকোচ দিছিল। সেই অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। যোৱা বৃহস্পতিবাৰে ট্ৰাম্পক উৎকোচ গোচৰত অপৰাধমূলক অভিযোগত অভিযুক্ত কৰা হৈছিল। মানহাটান জিলাৰ এটৰ্নী এলভিন ব্ৰেগে এই অভিযোগৰ তদন্ত কৰে। তেওঁ ডেম’ক্ৰেট দলৰ সদস্য। ফলত ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ৰ অভিযোগ তীব্ৰতৰ হৈ পৰিছে।

 

সোমবাৰে নিশা ফ্ল’ৰিডাৰ নিজৰ বাসগৃহৰ পৰা আদালতত হাজিৰ হ’বলৈ নিউয়ৰ্কত উপস্থিত হয় ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অপৰাধমূলক গোচৰ ৰুজু হৈছে। বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনক এই সন্দৰ্ভত সোধাত তেওঁ কয় যে তেওঁৰ ট্ৰাম্পৰ বিষয়ে ক’বলগীয়া একো নাই। ইতিমধ্যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব ঘোষণা কৰিছে ট্ৰাম্পে। এই গোচৰে তেওঁৰ হোৱাইট হাউছলৈ ঘূৰি অহাৰ প্ৰচেষ্টাক ৰেলপথৰ পৰা নমাই আনিব নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Previous Post

খোৱাৰ পিছতেই পেট ফুলি যায় নেকি ? এইববিধ পানীয়ৰে নিৰাময় কৰিব পাৰিব কম সময়তে 

Next Post

অসমীয়া সাহিত্যলৈ সুখবৰ , নিউয়র্কত দ্য আৰ্মৰী স্কোৱাৰ বঁটালৈ মনোনীত য়েচে দৰজে ঠংচিৰ অনুবাদ গ্ৰন্থ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
অসমীয়া সাহিত্যলৈ সুখবৰ , নিউয়র্কত দ্য আৰ্মৰী স্কোৱাৰ বঁটালৈ মনোনীত য়েচে দৰজে ঠংচিৰ অনুবাদ গ্ৰন্থ

অসমীয়া সাহিত্যলৈ সুখবৰ , নিউয়র্কত দ্য আৰ্মৰী স্কোৱাৰ বঁটালৈ মনোনীত য়েচে দৰজে ঠংচিৰ অনুবাদ গ্ৰন্থ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7