মার্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত সংঘটিত হ’ল নোহোৱা নোপোজা ঘটনা ৷ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি ৷ পর্ণ তাৰকাক উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল ডোনাল্ড ট্ৰাম্প ৷ আদালতত আত্মসমৰ্পণৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল ড’নাল্ড ট্ৰাম্পক। মঙলবাৰে নিশা নিউয়ৰ্কৰ মানহাটান আদালতত আত্মসমৰ্পণৰ কথা আছিল। কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক জিম্মাত লয় ৷ ইয়াৰ পিছত শুনানি আৰম্ভ হয় ৷ অৱশ্যে গ্ৰেপ্তাৰ হলেও তেওঁক আৰক্ষীয়ে জিম্মাত নলয় ৷ যাৰ বাবে নিশা আদালতৰ পৰা তেওঁ ফ্ল’ৰিডাৰ বাসগৃহলৈ আহে ৷
অভিযোগ অনুসৰি ট্ৰাম্পে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক উৎকোচ দিছিল যাতে তেওঁৰ যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ নকৰে ৷ অৱশ্যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুগামীসকলে অভিযোগ কৰিছে যে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ। অপৰাধমূলক গোচৰৰ অভিযুক্ত ট্ৰাম্পে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১২:১৫ বজাত নিউয়ৰ্কৰ মানহাটান আদালতত আত্মসমৰ্পণৰ কথা আছিল। কিন্তু আৰক্ষীৰ সূত্ৰ অনুসৰি ন্যায়াধীশৰ নিৰ্দেশত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
এই পৰিস্থিতিত সমগ্ৰ নিউয়ৰ্কত আৰক্ষীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ এটা অংশইও আশংকা কৰিছে যে যদি ৰিপাব্লিকান নেতা ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হয় তেন্তে তেওঁৰ অনুগামীসকলে হিংসাত্মক প্ৰতিবাদৰ পথত আগবাঢ়িব পাৰে। ইতিমধ্যে নিউয়ৰ্কৰ ৰাজপথত একাংশ ট্ৰাম্প সমৰ্থকৰ সমাৱেশ দেখা গৈছে। তদুপৰি ট্ৰাম্পৰ শাস্তি বিচাৰি ট্ৰাম্পৰ বিৰোধীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে। আনহাতে ট্ৰাম্পৰ অধিবক্তাই আদালতত হাজিৰ হোৱাৰ ভিডিঅ’ মুক্তি নিষিদ্ধ কৰিবলৈ আদালতত আবেদন জনায়।
ষ্টৰ্মীয়ে দাবী কৰে যে ২০০৬ চনত তেওঁৰ আৰু ট্ৰাম্পৰ মাজত শাৰীৰিক সম্পৰ্ক আছিল। ইয়াৰ পিছত ২০১৬ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে মুখ বন্ধ কৰি ৰাখিবলৈ ১ লাখ ৩০ হাজাৰ আমেৰিকান ডলাৰৰ উৎকোচ দিছিল। সেই অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। যোৱা বৃহস্পতিবাৰে ট্ৰাম্পক উৎকোচ গোচৰত অপৰাধমূলক অভিযোগত অভিযুক্ত কৰা হৈছিল। মানহাটান জিলাৰ এটৰ্নী এলভিন ব্ৰেগে এই অভিযোগৰ তদন্ত কৰে। তেওঁ ডেম’ক্ৰেট দলৰ সদস্য। ফলত ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ৰ অভিযোগ তীব্ৰতৰ হৈ পৰিছে।
সোমবাৰে নিশা ফ্ল’ৰিডাৰ নিজৰ বাসগৃহৰ পৰা আদালতত হাজিৰ হ’বলৈ নিউয়ৰ্কত উপস্থিত হয় ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অপৰাধমূলক গোচৰ ৰুজু হৈছে। বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনক এই সন্দৰ্ভত সোধাত তেওঁ কয় যে তেওঁৰ ট্ৰাম্পৰ বিষয়ে ক’বলগীয়া একো নাই। ইতিমধ্যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব ঘোষণা কৰিছে ট্ৰাম্পে। এই গোচৰে তেওঁৰ হোৱাইট হাউছলৈ ঘূৰি অহাৰ প্ৰচেষ্টাক ৰেলপথৰ পৰা নমাই আনিব নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।