ডলাৰৰ বিপৰীতে পাকিস্তানী টকা (টকা) ৰ মূল্য অৱনমিত হৈছে ৷ ইয়াৰ পূৰ্বে পাকিস্তানৰ মুদ্ৰা ইমান নিম্নগামী হোৱা নাছিল। সেই দেশৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি মঙলবাৰে পাকিস্তানী টকাৰ মূল্য এক ডলাৰৰ বিপৰীতে ২৮৭ টকা ২৯ পইচালৈ বৃদ্ধি পায় ৷
ফৰেক্স ডিলাৰৰ এটা উৎসৰ দাবী, কৰাচীৰ লাহোৰৰ মুকলি বজাৰত প্ৰায় ২৯০ পাক টকাত এক ডলাৰ বিক্ৰী কৰা হৈছে! কিন্তু যোৱা বছৰৰ এপ্ৰিল মাহৰ আৰম্ভণিতে ডলাৰৰ মূল্য আছিল প্ৰায় ১৮৬ পাকিস্তানী টকা। একাংশ অৰ্থনীতিবিদৰ মতে যোৱা কেইমাহমানৰ আৰ্থিক সংকট আৰু ধাৰাবাহিক মূল্যবৃদ্ধিৰ বাবে পাক টকাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে।
প্ৰসংগক্ৰমে এখন দেশৰ অৰ্থনৈতিক অৱস্থা সেই দেশখনৰ বিদেশী মুদ্ৰাৰ পৰিমাণৰ ওপৰত নির্ভৰশীল ৷ শেহতীয়া বাতৰি অনুসৰি পাকিস্তানৰ কেন্দ্ৰীয় বেংক ষ্টেট বেংক অৱ পাকিস্তানৰ সৈতে বৈদেশিক মুদ্ৰাৰ মজুত হৈছে ৷ ইতিমধ্যে আৰ্থিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাষ চাপিছে।