বৈদ্যুতিক পাংখা বা ফেন অবিহনে যেন গ্ৰীষ্মৰ দিনকেইটাৰ কথা কল্পনাও কৰিব নোৱাৰি ৷এয়াৰ কণ্ডিশ্বনাৰ,এয়াৰ কুলাৰ আদি ক্ৰয় কৰিব নোৱাৰা লোকসকলে অৱশ্যেই এই দিনকেইটাত ফেন বা বৈদ্যুতিক পাংখাই হ’ল একমাত্ৰ ভৰসা৷ কিন্তু প্ৰচণ্ড গৰমত যেতিয়া পাংখাখন বন্ধ হৈ যায় বা লাহে লাহে ঘূৰিবলৈ ধৰে তেতিয়া কি অৱস্থা হয় বাৰু এই সাধাৰণ মানুহবোৰৰ !
কিন্তু আমি সকলোৱে নিশ্চয় লক্ষ্য কৰিছোঁ যে বহু সময়ত শীতকালত বহু দিন এই পাংখা বোৰ বন্ধ হৈ থকাৰ পিছত গৰমৰ দিনকেইটাত চলালে পাংখাৰ গতি কম হোৱা যেন লাগে। ফেনখন যদি বেগেৰে চলি থকা নাই, তেন্তে বুজিব পাৰোঁ যে পাংখাখনৰ নিশ্চয় এটা ডাঙৰ সমস্যা হৈছে আৰু এই সমস্যাৰ বাবেই প্ৰচণ্ড গৰমতো ভাল বতাহ পোৱাৰ পৰা বঞ্চিত হওঁ আমি ৷
কিন্তু প্ৰকৃততে কেতিয়াবা ফেনৰ ব্লেডবোৰ ধূলিৰে লেতেৰা হৈ থকা বাবেও ফেন খনৰ গতি হ্ৰাস পাব পাৰে . কাৰণ ধুলিৰ ফলত ফেনৰ পৰা উৎপন্ন হোৱা বায়ুৰ চলাচলত প্ৰভাৱ পৰে।গতিকে তাৰ বাবে ফেনৰ ব্লেডকেইখন পৰিষ্কাৰ কৰা প্ৰয়োজন ৷ সেয়েহে প্ৰথমতে ফেনখন বন্ধ কৰি এখন শুকান কাপোৰেৰে আৰু তাৰ পিছত তিতা কাপোৰেৰে ফেনৰ ব্লেডবোৰ পৰিষ্কাৰ কৰিব লাগে।
যদি আপুনি প্ৰথমে তিতা কাপোৰ ব্যৱহাৰ কৰে তেন্তে সকলো ধূলিৰ কণা ফেনৰ ব্লেডত লাগি থাকিব আৰু ফেনখন ভালদৰে পৰিষ্কাৰ নহ’ব। গতিকে প্ৰথমতে শুকান কাপোৰ ব্যৱহাৰ কৰিহে তিতা কাপোৰ ব্যৱহাৰ কৰক৷
যদি এই পদ্ধতিয়েও গতিবেগ বৃদ্ধি কৰাত কাম নকৰে, তেন্তে আপুনি নতুন কেপাচিটৰ লগাই ফেনৰ গতি বৃদ্ধি কৰিব পাৰে। সাধাৰণতে ৭০-৮০ টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰে এই কেপাচিটৰটো আৰু এজন টেকনিচিয়ানক ঘৰলৈ মাতি সলনি কৰক আপোনাৰ পাংখাখনৰ পুৰণি কেপাচিটৰটো ৷
এইদৰে কেপাচিটৰ সলনি কৰাৰ পিছত নিশ্চয় আপোনাৰ ফেনখনৰ গতি বৃদ্ধি পাব আৰু নতুন এখন ফেন নিকিনাকৈয়ে গোটেই কোঠাটোত সুন্দৰকৈ ফেনখনৰ বতাহ অনুভৱ কৰি পাৰিব আপুনি ।