বহু সময়ত শিশুক ব্যস্ত কৰি ৰাখিবলৈ মোবাইল ফোন হাতত তুলি দিয়াটো একাংশ অভিভাৱকৰ অভ্যাসত পৰিণত হৈছে ৷ কিন্তু এনেদৰে শিশুৰ হাতত মোবাইল তুলি দিয়াৰ বাবেই এটি পৰিয়ালে হেৰুৱাব লগীয়া হ’ল লক্ষাধিক টকা ৷ এই ঘটনা সংঘটিত হৈছে নতুন দিল্লীত ৷
ঘটনাৰ বিবৰণী অনুসৰি শিশুটিক মোবাইলতে গেম খেলিবলৈ দি মাক ঘৰুৱা কামত ব্যস্ত হৈ পৰিছিল ৷ কিন্তু শিশুটিয়ে ফোনত আমাজনৰ এপত গৈ নিজৰ পছন্দৰ খেলনাবোৰ মনে মনে অৰ্ডাৰ দিয়ে। ১০খন খেলনা মটৰ চাইকেল, এখন ডাঙৰ জীপ, ১০খন বাৰ্বি পুতলা আদি কেইবাটাও দামী খেলনা অৰ্ডাৰ দিলে। মুঠতে এই বিল প্ৰায় ২.৪৭ লাখ টকা। শিশুটিয়ে ইয়াৰ বাবে অনলাইনতে ধনো আদায় দিয়ে ৷
সেইদিনা দুপৰীয়া মাকে ফোনটো চেক কৰোতে তেওঁৰ বেংক একাউণ্টৰ পৰা প্ৰায় ডেৰ-দুই লাখ টকা কৰ্তন কৰা দেখা পায় ৷ । ইমান টকা কিয় কৰ্তন কৰা হ’ল তাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে ইয়াৰ কাৰণ জনাৰ পাছত তেওঁ মুৰে কপালে হাত দিবলগীয়া হয় ৷ লগে লগে তেওঁ অনলাইন মাৰ্কেটিং কোম্পানীলৈ ফোন কৰি গোটেই কথাটো অৱগত কৰে আৰু অৰ্ডাৰ বাতিল কৰিবলৈ অনুৰোধ কৰে। অৱশ্যে কোম্পানীয়ে অৰ্ডাৰ বাতিল কৰিব নে নকৰে সেয়া স্পষ্ট হোৱা নাই।