বিশ্বকাপ জয় কৰাৰ ১০৯ দিনৰ পাছত আৰ্জেণ্টিনাই ফিফা ৰেংকিঙত শীৰ্ষস্থান দখল কৰে। ৬ বছৰৰ পাছত পুনৰ বিশ্ব ফুটবলত আন এক মাইলৰ খুটি স্থাপন কৰিলে লিয়নেল মেছিৰ দলটোৱে । যোৱা বছৰ ১৮ ডিচেম্বৰত কাটাৰত ফ্ৰান্সক পৰাস্ত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰিছিল। কিন্তু তাৰ পিছতো তেওঁলোকে শীর্ষ স্থান দখল কৰিব পৰা নাছিল ৷ ইমান দিনৰ মূৰত মেছিয়ে দলটোক প্ৰথম স্থানত উপনীত কৰোৱাই ৷
পানামা আৰু কুৰাকাওৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক মেচত আৰ্জেণ্টিনা জয়লাভ কৰে। আনহাতে, প্ৰদৰ্শনীমূলক খেলখনত মৰক্কোৰ হাতত পৰাস্ত হয় ব্ৰাজিল। আৰ্জেণ্টিনাৰ পইণ্ট হৈছে ১৮৪০.৯৩। কেৱল আৰ্জেণ্টিনাই নহয়, বিশ্বকাপৰ ৰানাৰ্ছ আপ ফ্ৰান্সেও ব্ৰাজিলক পৰাস্ত কৰে। দ্বিতীয় স্থানত আছে ফ্ৰান্স ৷কাইলিয়ান এমবাপেৰ পইণ্ট ১৮৩৮.৪৫। তৃতীয় স্থানত থকা ব্ৰাজিলে ১৮৩৪.২১ পইণ্ট লাভ কৰিছে।
ফিফা ৰেংকিঙত শীৰ্ষ পাঁচটা স্থানত থকা আন দুখন দেশ হ’ল বেলজিয়াম আৰু ইংলেণ্ড। বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ পিছত বেলজিয়ামে দ্বিতীয় স্থানৰ পৰা চতুর্থ স্থানলৈ অৱনমিত হৈছে ৷ তেওঁলোকৰ পইণ্ট হৈছে ১৭৯২.৫৩। ৫ নম্বৰ স্থানত থকা ইংলেণ্ডে ১৭৯২.৪৩ পইণ্ট লাভ কৰিছে।
শীৰ্ষ দহৰ ভিতৰত থকা বাকী পাঁচখন দেশ হ’ল নেদাৰলেণ্ড (১৭৩১.২৩), ক্ৰ’ৱেচিয়া (১৭৩০), ইটালী (১৭১৩.৬৬), পৰ্তুগাল (১৭০৭.২২) আৰু স্পেইন (১৬৮২.৮৫)। ২০ জুলাইলৈকে ফিফাৰ ৰেংকিঙৰ শীৰ্ষত থাকিব আৰ্জেণ্টিনা। ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থাই চলিত বৰ্ষৰ ২০ জুলাইৰ পিছত এই ৰেংকিং প্ৰকাশ কৰিব।