অসম আৰক্ষীয়ে যোৱা মঙলবাৰে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি জিলাৰ পৰা ৮ জন নাবালকসহ মুঠ ১০ জন লোকক উদ্ধাৰ কৰে ৷সৰবৰাহ কৰা নাবালক কেইগৰাকীৰ চুবুৰীয়া এজাহাৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই অভিযোগৰ পিছতে ডুমডুমা আৰক্ষীয়ে অসমৰ সীমান্ত জিলাৰ তালাপ আৰক্ষী আউটপোষ্টৰ বিষয়াসকলৰ সহযোগত তদন্ত আৰম্ভ কৰিছিল ৷ ৮ গৰাকী নাবালকক অসমৰ পৰা অৰুণাচললৈ সৰবৰাহ কৰাত সহায় কৰা দুজন দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ জালত পৰা লোক দুজন হৈছে উত্তৰ লখিমপুৰ জিলাৰ নিবাসী ২৬ বছৰীয়া দীপ জ্যোতি গগৈ আৰু তিনিচুকীয়া জিলাৰ ৩০ বছৰীয়া দীপক কৰ্মকাৰ ৷
তিনিচুকীয়া আৰক্ষীয়ে এই লোকদুজনৰ বিৰুদ্ধে বিৰুদ্ধে আই পি চিৰ ৩৭০ (কোনো ব্যক্তিক দাস হিচাপে ক্ৰয়)ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ৷তদন্তৰ সময়ত লাভ কৰা তথ্য অনুসৰি সৰবৰাহকাৰীৰ কবলত পৰা নাবালক কেইগৰাকী চাহ বাগিচা অঞ্চলৰ নিবাসী ৷ ১০ গৰাকীকে ধনৰ বিনিময়ত পিতৃ-মাতৃয়ে মধ্যভোগী দুজনৰ হাতত গতাই দিছিল ।
সংবাদ মাধ্যমৰ সন্মুখত তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে কয়, ‘ধৃত দুই দালালে শিশুসকলৰ পৰিয়ালৰ কাষ চাপি ভাল চাকৰি আৰু ধনৰ প্ৰস্তাৱ দি প্ৰলোভিত কৰিছিল। অভিভাৱকসকলক তেওঁলোকৰ সন্তানক তেওঁলোকৰ হাতত গতাই দিবলৈ পতিয়ন নিয়াইছিল। অভিযুক্তই অভিভাৱকক কিমান টকা দিছিল সেই কথা প্ৰকাশ কৰা নাই।”
ইয়াৰ পিছতে অভিযুক্তই অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি জিলালৈ লৈ গৈ এটা অসাধু চক্ৰক বিক্ৰী কৰে । ইয়াৰ পিছতে তেওঁলোকক ধনী পৰিয়ালক ঘৰুৱা সহায়ক হিচাপে বিক্ৰী কৰি দিয়া হয় ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশত বিক্ৰী কৰা বুলি দুই দালালে জেৰাত স্বীকাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে নাচো আৰক্ষীৰ সৈতে যোগাযোগ কৰি ভুক্তভোগীক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক কিছুদিনৰ বাবে শিশু যত্ন গৃহত ৰাখি উপযুক্ত কাউন্সেলিঙৰ পিছত নিজ নিজ পৰিয়ালক গতাই দিয়া হয়।
উল্লেখ্য যে ৰাজ্যখনৰ শোণিতপুৰ, লখিমপুৰ,তিনিচুকীয়া, ডিব্ৰুগড়, বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰকে ধৰি বহুকেইখন জিলাত শিশু সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৮১ টা শিশু সৰবৰাহ হোৱাৰ বিপৰীতে গুৱাহাটীৰ পৰা সৰ্বাধিক ৭৭ টা শিশু সৰবৰাহ হৈছে। আনহাতে, এই সময়ছোৱাত লখিমপুৰৰ পৰা ৫৯টা, ওদালগুৰিৰ ৪৪টা, শোণিতপুৰৰ পৰা ৪৩টা, মৰিগাঁৱৰ পৰা ৩৬টা আৰু কোকৰাঝাৰ জিলাৰ পৰা ৩১টা শিশু সৰবৰাহৰ গোচৰ ৰুজু হৈছে। মুঠ ৬২৫টা শিশুক উদ্ধাৰ কৰে ৰাজ্যৰ আৰক্ষী, চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) আৰু ৰাজ্য আৰক্ষী বাহিনীৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) মানৱ সৰবৰাহৰ বিৰোধী ইউনিটে।