উত্তৰাখণ্ডৰ পিছত হিমাচল প্ৰদেশত ভাং খেতি বৈধ হ’ব নেকি? এইবাৰ হিমাচলৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱেও একেই ইংগিত প্ৰদান কৰিছে । শুকুৰবাৰে তেওঁ এই বিষয়ৰ আইনী দিশসমূহ চোৱাচিতা কৰিবলৈ পাঁচজনীয়া সংসদীয় সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে। চুখুৱে কয় যে শাসকীয় কংগ্ৰেছ, মূল বিৰোধী বিজেপিকে ধৰি সকলো দলৰ বিধায়ক কমিটীত থাকিব। যদি সকলো ঠিকে থাকে তেন্তে তেওঁলোকে ভাং খেতি বৈধ কৰাৰ কথা চিন্তা কৰিছে ৷
দীৰ্ঘদিন ধৰি বিভিন্ন সংগঠনে হিমাচলত ভাং খেতি বৈধকৰণৰ দাবী জনাই আহিছে। ৰাজনৈতিক দলসমূহেও ইয়াত সহমত পোষণ কৰি আহিছে । কুল্লুৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি মহেশ্বৰ সিঙে ২০১৮ চনত তদানীন্তন বিজেপিৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰলৈ পত্ৰ লিখি ভাং খেতি বৈধকৰণৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল। কুল্লুৰ কংগ্ৰেছ বিধায়ক সুন্দৰ ঠাকুৰেও বিধানসভাত গাঞ্জা খেতিৰ বাবে চৰ্তসাপেক্ষ অনুমতিৰ দাবী উত্থাপন কৰে।হিমাচলৰ মালানা অঞ্চলৰ গাঞ্জা সমগ্ৰ বিশ্বতে বিখ্যাত। অধিকাংশ ৰাজনৈতিক নেতাৰ মতে আইনী বৈধতাৰ অভাৱত ড্ৰাগছ মাফিয়া বৃদ্ধি পাইছে। তেওঁলোকে ভাবে যে আইনগতভাৱে খেতি কৰিলে ড্ৰাগছ মাফিয়াক নিয়ন্ত্ৰণলৈ আনিব পৰা যাব। ইয়াৰ উপৰিও হিমাচলৰ পিছপৰা অঞ্চলৰ গ্ৰাম্য অৰ্থনীতিও শক্তিশালী হ’ব বুলি দাবী কৰে।
২০১৫ চনৰ নৱেম্বৰ মাহত উত্তৰাখণ্ড ৰাজ্য চৰকাৰে ভাং খেতিৰ বাবে চৰ্তসাপেক্ষ অনুমোদন দিছিল। অঞ্চলটোৰ পৰম্পৰাক মনত ৰাখি এই আইনখন নিৰ্মাণ কৰা হৈছিল। ভাৰতীয় সংস্কৃতিত ধৰ্মীয় কাৰণত ভাঙক বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে। ইয়াৰ উপৰিও ফাৰ্মাচিউটিকেল কোম্পানীসমূহেও ঔষধ প্ৰস্তুত কৰাত গাঞ্জা (ভাং) উপাদান হিচাপে ব্যৱহাৰ কৰে।
কিন্তু ভাং খেতি বৈধকৰণ ভাৰতত প্ৰথম নহয়। আমেৰিকাৰ বিভিন্ন ৰাজ্য আৰু ইউৰোপৰ বিভিন্ন দেশত ভাং খেতি চৰ্তসাপেক্ষে বৈধ। যদিও বেছিভাগ ক্ষেত্ৰতে ইয়াক কেৱল ঔষধ হিচাপেহে ব্যৱহাৰ কৰিব পাৰি। হিমাচলত ভাং খেতি বৈধ হ’লেও কেইবাটাও বাধা আছে। চৰকাৰী সূত্ৰই ইংগিত দিছে যে পৰ্যটকে যাতে ভাং খাব নোৱাৰে তাৰ বাবে চিন্তা কৰা হৈছে।