প্ৰায় ছবছৰৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহিবলৈ ওলাইছে একালৰ জনপ্ৰিয় অভিনেত্ৰী অমিষাপেটেল। ছানী দেওলৰ সৈতে ‘গডাৰ ২’ ছবিত দেখা যাব অভিনেত্ৰীগৰাকীক। সকলো ঠিকেই চলি আছিল। কিন্তু ইয়াৰ মাজতে আমিষাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় আঢ়ৈ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ অপৰাধত জেললৈ যাব পাৰে অভিনেত্ৰীগৰাকী! কেৱল আমিষাৰ বিৰুদ্ধে নহয়, তেওঁৰ ব্যৱসায়ী বন্ধু ক্ৰুনালৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে ৰাঁচীৰ দেৱানী আদালতে। কিন্তু বাৰে বাৰে চমন দিয়াৰ পিছতো আমিষা বা তেওঁৰ অধিবক্তা কোনোৱেই আদালতত হাজিৰ নহ’ল। এনে আচৰণত অসন্তুষ্ট হৈ পৰে ৰাঁচী দেৱানী আদালত। যাৰ ফলত তেওঁলৈ নতুন চমন জাৰি কৰা হৈছে। আদালতে এই গোচৰৰ শুনানিৰ পৰৱৰ্তী তাৰিখ ১৫ এপ্ৰিলত নিৰ্ধাৰণ কৰিছে।
আমিষাৰ বিৰুদ্ধে ২.৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছে ৰাঁচীৰ প্ৰযোজক অজয় কুমাৰ সিঙে। অজয়ে অভিযোগ কৰে যে আমিষা আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ক্ৰুনাল গ্ৰুমাৰে অজয়ৰ পৰা ডেৰ-দুই কোটি টকা লৈ ‘দেশী মেজিক’ নামৰ এখন ছবি নিৰ্মাণ কৰিছিল। কিন্তু সেই ছবিখন নহ’ল। অভিযোগ অনুসৰি আমিষাইও টকাখিনি তেওঁক ঘূৰাই নিদিলে। এই সন্দৰ্ভত অজয়ে ৰাঁচী আদালতত গোচৰ তৰিছে।অজয়ে কয়, “অমিষাই কৈছিল যে ছবিখন ২০১৮ চনৰ জুন মাহত মুক্তি পাব ৷ যিটো মোৰ বাবে লাভজনক হ’ব। কিন্তু সেয়া নহ’ল। দুই-তিনি মাহৰ ভিতৰত সুতসহ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিদিলে ৷ “