পাকিস্তানে এক বৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছে ৷ ডলাৰৰ বিপৰীতে পাকিস্তানী টকাৰ মূল্য অৱনমিত হৈছে ৷ ইয়াৰ মাজতে ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ জুন মাহৰ ভিতৰত চীন আৰু চৌদি আৰবক ৭৭.৫ বিলিয়ন ডলাৰ (পাকিস্তানী টকাত প্ৰায় দুহাজাৰ ২০০ কোটি) ঋণ পৰিশোধ কৰিব লাগিব পাকিস্তানে ।
এই তথ্য ইউনাইটেড ষ্টেটছ ইনষ্টিটিউট অৱ পিচে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে প্ৰকাশিত প্ৰতিবেদনত পাকিস্তানক সকীয়াই দিয়া হৈছে। খবৰ অনুসৰি আকাশলংঘী মুদ্ৰাস্ফীতি, ৰাজনৈতিক সংঘাত আৰু বৃদ্ধি পোৱা সন্ত্ৰাসবাদৰ বাবে আৰ্থিক বোজা পাকিস্তান। ইউএছআইপিৰ প্ৰতিবেদন অনুসৰি অহা তিনি বছৰত ঋণগ্ৰস্ত দেশখনে চীনৰ বিত্তীয় প্ৰতিষ্ঠান, ব্যক্তিগত ঋণদাতা আৰু চৌদি আৰৱক পাবলগীয়া বৃহৎ ধন পৰিশোধ কৰিব লাগিব। ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানে ৭৭.৫ বিলিয়ন ডলাৰ ঘূৰাই দিব লাগিব। কেৱল সেয়াই নহয়, সেই সময়সীমাৰ ভিতৰত দেশ চৰকাৰে নির্দিষ্ট ধন পৰিশোধ কৰিব নোৱাৰিলে চূড়ান্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ইউএছআইপিয়ে জনাইছে৷ পাকিস্তানে অৱশ্যে আশাবাদী যে চীনে পুনৰ ধন পৰিশোধৰ সময়সীমা বৃদ্ধি কৰিব।
ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাষ চাপিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। ২০২২ চনৰ নৱেম্বৰ মাহত আই এম এফৰ অনুদানৰ সময় আছিল। সেই অনুদান পাবলৈ আই এম এফৰ সকলো চৰ্ত পূৰণৰ বাবে পাকিস্তান চৰকাৰে যথাযথ প্ৰচেষ্টা চলাইছে। ২০১৯ চনত আই এম এফৰ সৈতে পাকিস্তানে এক চুক্তি স্বাক্ষৰ কৰিছিল যিখনৰ ম্যাদ চলিত বৰ্ষৰ ৩০ জুনত শেষ হ’ব। অৱশ্যে এই চুক্তিৰ ম্যাদ বৃদ্ধিৰ বাবে আই এম এফৰ সৈতে পাকিস্তানে আলোচনা অব্যাহত ৰাখিছে। কিন্তু কোনো পক্ষই এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই।