বহু মহিলা ৰাতি শুবলৈ যাওঁতে অলংকাৰ শৰীৰত থাকে। গহনা পিন্ধি শুই ভাল পালেও এই প্ৰথা আচলতে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন সমস্যা হব পাৰে।সেয়েহে পৰাপক্ষত আপুনি নিশা শোওতে গহনা খুলি থোৱাৰ অভ্যাস কৰক ৷
১) বহুতে দুয়োখন হাতৰ কেইবাটাও আঙুলিত সকলো সময়তে আঙঠি পিন্ধে। দেখাত ভাল লাগিলেও তাৰ ফলত শৰীৰৰ ক্ষতি হয়। বিশেষকৈ ৰাতি কোনো ধৰণৰ গহনা পৰিধান নকৰাকৈ শুই থকাটো ভাল। ৰাতিপুৱা সাৰ পাই ভালদৰে পৰ্যবেক্ষণ কৰিলে বুজিব যে আঙুলিবোৰ যথেষ্ট ফুলি উঠিছে। একে সময়তে তেজ জমা হৈ দাগ হৈ পৰে।
২)ৰাতি গহনা পিন্ধিলে টোপনি বিঘ্নিত হব পাৰে। বহুতে ডিঙিত ছেইন পিন্ধে। ই ছালত ঘঁহি কেতিয়াবা অস্বস্তিৰ সৃষ্টি কৰে। যদি ছেইনত লকেট থাকে, তেন্তে এই সমস্যা অধিক বেছি হয় । গতিকে শান্তিৰে শুবলৈ গহনা নোহোৱাকৈ শুই থকাটো ভাল।
৩)ৰাতি গহনা পিন্ধি শুই থকাৰ অভ্যাসে ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ যিসকলৰ এলাৰ্জীৰ সমস্যা আছে তেওঁলোক অধিক সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। সংবেদনশীল ছালত ফোহা আৰু খজুৱতিৰ সম্ভাৱনা বেছি।
৫) টোপনিৰ সময়ত যদি আঙঠি বা কাণফুলি শৰীৰৰ সংস্পৰ্শত থাকে তেন্তে তেজৰ সঞ্চালন স্বাভাৱিক হ’ব নোৱাৰে। যদি ৰক্ত সঞ্চালন স্বাভাৱিক নহয় তেন্তে কেইবাটাও শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। সেই বিপদৰ পৰা হাত সাৰিবলৈ গহনা খুলি শুই থকাটো ভাল।