দক্ষিণৰ উদ্যোগৰ অন্যতম চৰ্চিত দম্পতী আছিল ছামান্থা ৰুথ প্ৰভু আৰু নাগা চৈতন্য। চাৰি বছৰৰ বিবাহৰ অন্তত হঠাতে তেওঁলোকে ২০২১ চনত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। যদিও সেই ঘোষণাই দুবছৰ হৈ যোৱাৰ সময়তে নাগা চৈতন্যৰ জীৱনলৈ নতুন মহিলাৰ আগমনৰ খবৰ বিয়পি পৰিছে।আনহাতে অভিনেতা গৰাকীৰ সৈতে বিবাহ বিচ্চেদ ঘটিলেও তেওঁৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পর্ক বজাই ৰাখিছে ছামান্থাই ৷ প্ৰাপ্ত তথ্য অনুসৰি নাগা চৈতন্যৰ ভাতৃৰ সৈতে মধুৰ সম্পর্ক অব্যাহত ৰাখিছে ছামান্থাই ৷
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নগাৰ ভাতৃ অখিল আকিনেনীলৈ জন্মদিনৰ বাৰ্তা প্ৰেৰণ কৰে। কেৱল সেয়াই নহয়, অখিলৰ আগন্তুক ছবিৰ পোষ্টাৰটোও শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে অখিলে উত্তৰত “আপোনাৰ আশা পূৰণ কৰিব পাৰিম বুলি আশা কৰিছো।”কিন্তু এয়াই প্ৰথম নহয়, ছামন্থাৰ অসুস্থতাৰ সময়তো নাগাৰ ভাতৃয়ে অভিনেত্ৰীগৰাকীৰ সৈতে নিয়মিতভাৱে যোগাযোগ ৰাখিছিল । ছামন্থাই এতিয়াও নাগা চৈতন্যৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে।
কিন্তু ইয়াৰ বিপৰীতে অন্তৰংগ দৃশ্যত ছামান্থাৰ অভিনয়ত নাগা চৈতন্য আৰু তেওঁৰ পৰিয়ালে আপত্তি কৰা বুলিও শুনা যায়। কোনো প্ৰকাৰে ‘সাহসী’ চৰিত্ৰ হিচাপে চাবলৈ তেওঁলোক অনিচ্ছুক আছিল। কিন্তু পৰিয়ালৰ আপত্তিক আওকাণ কৰি সামান্থাই ‘দ্য ফেমিলি মেন ২’ত অন্তৰংগ দৃশ্যত অভিনয় কৰিছিল। ‘পুষ্পা: দ্য ৰাইচ’ ছবিখনৰ ‘আইটেম’ গীততো তেওঁক দেখিছিল দৰ্শকে। অভিনেত্ৰীগৰাকীৰ একাংশ অনুৰাগীৰ মতে ছামান্থাৰ এই পদক্ষেপ অভিনেতা গৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কত ফাট মেলাৰ অন্যতম কাৰণ ৷