ক’ভিডৰ লক্ষণ থকাৰ পিছতো বহু ৰোগীয়ে পৰীক্ষা নকৰে। ফলত নিৰৱে সংক্ৰমণ বিয়পি পৰিছে। আক্ৰান্তৰ সংখ্যাৰ এই উৰ্ধমুখী ধাৰা বন্ধ কৰিবলৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন(আইএমএ)-এ জ্বৰ, চৰ্দি-কাহজনিত ৰোগত আক্ৰান্ত হ’লে পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি চিকিৎসালয়ত ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি কিমান সাজু হৈছে সেয়া পৰীক্ষা কৰিবলৈ সোমবাৰে দেশজোৰা অনুশীলন অনুষ্ঠিত কৰা হয়।
যোৱা দুসপ্তাহ ধৰি বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ। ইয়াৰ আঁৰত আই এম এয়ে কেইবাটাও কাৰণ চিনাক্ত কৰিছে। আইএএমৰ অধ্যক্ষ শৰদকুমাৰ আগৰৱালে কয়, ‘ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ আমি পূৰ্বতে যিবোৰ নিয়ম মানি চলিছিলো, সেইবোৰ নিয়ম পালন বন্ধ কৰি দিলোঁ ৷ ফলত চৰ্দি-কাহ-জ্বৰৰ দৰে লক্ষণ দেখা দিয়ে যদিও তেওঁলোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। পৰীক্ষা কৰিলে দেখা যাব যে তেওঁলোকৰ এক বৃহৎ অংশ কৰ’নাত আক্ৰান্ত। কিন্তু পৰীক্ষা নকৰাৰ বাবে আক্ৰান্তসকলে নিজৰ অজ্ঞাতে বাহিৰলৈ ওলাই গৈ আনক সংক্ৰমিত কৰিছে”। সেয়েহে এই শৃংখলটো ভাঙিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে লক্ষণ থকাসকলক হয় পৰীক্ষা কৰাব লাগে নহয় ঘৰতে থাকিবলৈ পৰামৰ্শ দিছে। আই এম এৰ তথ্য অনুসৰি বিশেষকৈ যিসকলে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে নিজকে কৰ’না ভাইৰাছৰ পৰা সুৰক্ষিত বুলি গণ্য কৰে। কিন্তু বাস্তৱত সেয়া নহয়। বিশেষজ্ঞসকলৰ মতে, কৰ’না ভেকচিনৰ ফলপ্ৰসূতা ৬ মাহৰ পাছত কমিবলৈ আৰম্ভ কৰে।
বিশেষজ্ঞসকলে যুক্তি দিছে যে আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ অৰ্থ হ’ল ক’ৰ’না ভাইৰাছ এতিয়াও আছে। আই এম এৰ মতে, ভাইৰাছটোৱে প্ৰতিদিনে মিউটেচন কৰি নতুন উপপ্ৰজাতিৰ সৃষ্টি কৰে। বৰ্তমান ভাৰতত হোৱা সকলো সংক্ৰমণৰ ভিতৰত কমেও ৪০ শতাংশ এক্স বিবি১.১৬(XBB.1.16) উপপ্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হয়। চিকিৎসকৰ মতে যিসকল বৃদ্ধ, যিসকল দীৰ্ঘদিন ধৰি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত, যিসকল শাৰীৰিকভাৱে অসুস্থ বা যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে এনে লোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰে চিকিৎসক সন্থাই।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি এই কচৰতৰ নিৰ্দেশ দিয়ে দেশৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ কিমান প্ৰস্তুত। ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত এই অনুশীলন চলোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই দিল্লীৰ ৰামমনোহৰ লোহিয়া চিকিৎসালয়ত উপস্থিত হৈ এই অনুশীলন পৰিদৰ্শন কৰে। স্বাস্থ্য মন্ত্ৰালয়ে যিবোৰ জিলা বা বিশেষ এলেকা (হটস্পট)ত সংক্ৰমণ বেছি, সেইবোৰত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে।