VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সংক্ৰমণ বাঢ়িছে ক’ভিড ,লক্ষণ দেখা দিলে শীঘ্ৰে পৰীক্ষা কৰিবলৈ আই এম এৰ পৰামৰ্শ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 11, 2023
in মুখ্য সংবাদ
এজন ক’ভিড ৰোগী চিনাক্তৰ পাছতে এইখন দেশত ঘোষণা কৰা হ’ল জৰুৰীকালীন অৱস্থা, অনুষ্ঠিত হ’ল শীর্ষ পর্যায়ৰ বৈঠক
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ লক্ষণ থকাৰ পিছতো বহু ৰোগীয়ে পৰীক্ষা নকৰে। ফলত নিৰৱে সংক্ৰমণ বিয়পি পৰিছে। আক্ৰান্তৰ সংখ্যাৰ এই উৰ্ধমুখী ধাৰা বন্ধ কৰিবলৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন(আইএমএ)-এ জ্বৰ, চৰ্দি-কাহজনিত ৰোগত আক্ৰান্ত হ’লে পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি চিকিৎসালয়ত ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি কিমান সাজু হৈছে সেয়া পৰীক্ষা কৰিবলৈ সোমবাৰে দেশজোৰা অনুশীলন অনুষ্ঠিত কৰা হয়।

 

যোৱা দুসপ্তাহ ধৰি বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ। ইয়াৰ আঁৰত আই এম এয়ে কেইবাটাও কাৰণ চিনাক্ত কৰিছে। আইএএমৰ অধ্যক্ষ শৰদকুমাৰ আগৰৱালে কয়, ‘ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ আমি পূৰ্বতে যিবোৰ নিয়ম মানি চলিছিলো, সেইবোৰ নিয়ম পালন বন্ধ কৰি দিলোঁ  ৷  ফলত চৰ্দি-কাহ-জ্বৰৰ দৰে লক্ষণ দেখা দিয়ে যদিও তেওঁলোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। পৰীক্ষা কৰিলে দেখা যাব যে তেওঁলোকৰ এক বৃহৎ অংশ কৰ’নাত আক্ৰান্ত। কিন্তু পৰীক্ষা নকৰাৰ বাবে আক্ৰান্তসকলে নিজৰ অজ্ঞাতে বাহিৰলৈ ওলাই গৈ আনক সংক্ৰমিত কৰিছে”। সেয়েহে এই  শৃংখলটো ভাঙিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে লক্ষণ থকাসকলক হয় পৰীক্ষা কৰাব লাগে নহয় ঘৰতে থাকিবলৈ পৰামৰ্শ দিছে। আই এম এৰ তথ্য অনুসৰি বিশেষকৈ যিসকলে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে নিজকে কৰ’না ভাইৰাছৰ পৰা সুৰক্ষিত বুলি গণ্য কৰে। কিন্তু বাস্তৱত সেয়া নহয়। বিশেষজ্ঞসকলৰ মতে, কৰ’না ভেকচিনৰ ফলপ্ৰসূতা ৬ মাহৰ পাছত কমিবলৈ আৰম্ভ কৰে।

 

বিশেষজ্ঞসকলে যুক্তি দিছে যে আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ অৰ্থ হ’ল ক’ৰ’না ভাইৰাছ এতিয়াও আছে। আই এম এৰ মতে, ভাইৰাছটোৱে প্ৰতিদিনে মিউটেচন কৰি নতুন উপপ্ৰজাতিৰ সৃষ্টি কৰে। বৰ্তমান ভাৰতত হোৱা সকলো সংক্ৰমণৰ ভিতৰত কমেও ৪০ শতাংশ এক্স বিবি১.১৬(XBB.1.16) উপপ্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হয়। চিকিৎসকৰ মতে যিসকল বৃদ্ধ, যিসকল দীৰ্ঘদিন ধৰি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত, যিসকল শাৰীৰিকভাৱে অসুস্থ বা যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে এনে লোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰে চিকিৎসক সন্থাই।

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি এই কচৰতৰ নিৰ্দেশ দিয়ে দেশৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ কিমান প্ৰস্তুত। ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত এই অনুশীলন চলোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই দিল্লীৰ ৰামমনোহৰ লোহিয়া চিকিৎসালয়ত উপস্থিত হৈ এই অনুশীলন পৰিদৰ্শন কৰে। স্বাস্থ্য মন্ত্ৰালয়ে যিবোৰ জিলা বা বিশেষ এলেকা (হটস্পট)ত সংক্ৰমণ বেছি, সেইবোৰত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে।

Previous Post

স্মাৰ্ট প্ৰিপেইডৰ নামত জলতাৰ লুণ্ঠন চলাইছে বিজেপি চৰকাৰেঃ তৃণমূল কংগ্ৰেছ

Next Post

ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিব নোৱাৰিব মহিলা,আফগানিস্তানত আন এক ফটোৱা তালিবানৰ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিব নোৱাৰিব মহিলা,আফগানিস্তানত আন এক ফটোৱা তালিবানৰ

ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিব নোৱাৰিব মহিলা,আফগানিস্তানত আন এক ফটোৱা তালিবানৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7