আম আদমী পাৰ্টিয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় দলৰ খিতাপ। দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ ৰাষ্ট্রীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে এই ভাল খবৰ সমর্থকসকলৰ আগত প্ৰকাশ কৰি আনন্দ প্ৰকাশ কৰিছে ৷ সোমবাৰে নিৰ্বাচন আয়োগে আপক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা প্ৰদান কৰে। এই আনন্দৰ মূহুর্ত উদযাপন কৰিবলৈ কেজৰিৱাল আপৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় । তাত তেওঁ কয়, “আম আদমী পাৰ্টিৰ ওপৰত কোটি কোটি লোকৰ আস্থা এতিয়া বিশ্বাসত পৰিণত হৈছে ৷ জনসাধাৰণে এই গুৰুত্বপূৰ্ণ দায়িত্ব দিছে ৷ ঈশ্বৰৰ আশীৰ্বাদতআমি সেই দায়িত্ব সততাৰে পালন কৰিম ।“
দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দেশৰ প্রগতি ৰোধ কৰিব বিচৰা সকলো অশুভ শক্তিয়ে আপৰ বিৰুদ্ধে হাত মিলাইছে৷ কিন্তু সৰ্বশক্তিমান ঈশ্বৰ তেওঁলোকৰ লগত আছে। কেজৰিৱালে নেতা, কৰ্মীক কয় যে সকলো অশুভ শক্তিৰ বিৰুদ্ধে যুঁজি সকলোকে জেললৈ যাবলৈ সাজু হ’ব লাগে। কোনোবাই জেললৈ যাবলৈ ভয় কৰিলে কেজৰিৱালে আপ এৰি যাবলৈ কয়। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ভাৰতক বিশ্ব মঞ্চত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ আপত যোগদান কৰিবলৈ সকলোকে আহ্বান জনায়।
দুৰ্নীতিৰ অভিযোগত জেলত আছে আপৰ দুগৰাকী শীৰ্ষ নেতা মণীষ ছিছ’দিয়া আৰু সত্যেন্দ্ৰ জৈন । আৰম্ভণিৰে পৰা আপে অভিযোগ কৰি আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজনৈতিক যুদ্ধত আপৰ সৈতে জয়ী হ’ব পৰা নাই ৷ যাৰ বাবে ৰাজনৈতিক প্ৰতিশোধ ল’লে। ইয়াৰ ফলত ছিছ’দিয়া আৰু সত্যেন্দ্ৰক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ৷ ৰাষ্ট্ৰীয় দলৰ খিতাপ লাভ কৰাৰ পিছত তেওঁলোকৰ কণ্ঠ অধিক শক্তিশালী হ’ব বুলিও তেওঁ কয় ৷