VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰঙালী বিহুতে হোৱাইট হাউছত পদার্পন কৰিব অসম সন্তান ডঃ ৰূপম শর্মাই, জ’ বাইডেনৰ উপদেষ্টা হিচাপে শপত গ্ৰহণ

voicedesk by voicedesk
April 12, 2023
in মুখ্য সংবাদ
ৰঙালী বিহুতে হোৱাইট হাউছত পদার্পন কৰিব অসম সন্তান ডঃ ৰূপম শর্মাই, জ’ বাইডেনৰ উপদেষ্টা হিচাপে শপত গ্ৰহণ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

হেপাহৰ ৰঙালী বিহুৰ প্রাক্‌মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় পর্যায়ত পুনৰ সুখ্যাতি অর্জন কৰিছে এগৰাকী অসম সন্তানে ৷  আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উপদেষ্টা হিচাপে শপত ল’লে অসম সন্তান ডঃ ৰূপম শর্মাই ৷ হোৱাইট হাউছৰ প্ৰেছিডেন্সিয়েল ফেল’ৰ উপৰি তেওঁ স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে মঙলবাৰে শপত গ্ৰহণ কৰে । ৱাশ্বিংটন ডি চিত কালি শপত গ্ৰহণ কৰা ড° শৰ্মাক অহা ১৪ এপ্রিলত ৰঙালী বিহুৰ দিনাই আনুষ্ঠানিকভাৱে আদৰণি জনাব হোৱাইট হাউছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি জ’ বাইডেনে কেন্সাৰ, এলজেইমাৰ, ডায়েবেটিছ তথা অন্যান্য ৰোগ নিৰ্মূলৰ বাবে নতুনকৈ গঠন কৰিছে এই স্বাস্থ্য গৱেষণা সংস্থাটো। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অব হেলথৰ অধীনত গঠন হোৱা এডভান্স বিছাৰ্চ প্রজেক্টছ এজেন্সি ফৰ হেল্‌থ নামৰ এই নতুন স্বাস্থ্য গবেষণা সংস্থাটোৰ জ্যেষ্ঠ উপদেষ্টা আৰু মুখ্য তথ্য বিষয়া হিচাপে নিৰ্বাচিত হৈছে আমেৰিকা নিবাসী অসমৰ সু-সন্তান ড° ৰূপম শৰ্মা। তেওঁ এই নিযুক্তিৰ পূৰ্বে কেলিফ নিয়াৰ স্বাস্থ্য উন্নয়ন সেৱাৰ মুখ্য প্রযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ এপ’ল’ আৰু ষ্টার্টআপত ডিজিটেল ৰূপান্তৰ আৰু বিশ্বৰ আন্তঃগাঁথনিৰ নেতৃত্ব দিছিল। ডাটা আধুনিকীকৰণ, কৃত্রিম বুদ্ধিমত্তা আৰু স্বাস্থ্য গৱেষণাৰ ওপৰত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা ২৫ বছৰীয়া অভিজ্ঞতা আৰু দক্ষতাৰ বাবেই শেহতীয়াভাৱে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এগৰাকী জ্যেষ্ঠ উপদেষ্টা হিচাপে নিৰ্বাচিত হৈছে।  যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ত অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা ড° ৰূপম শৰ্মাই যোৰহাট জে বি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পাচতে তেওঁ ‘যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰি আমেৰিকালৈ ৰাওনা হয়। আমেৰিকাতেই তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু ব্যৱস্থাপনা বিষয়ত পৃথকে পৃথকে গ্ৰহণ কৰে স্নাতকোত্তৰ ডিগ্রী। আনহাতে

কৃত্রিম বুদ্ধিমত্তা আৰু অটিজিমৰ ওপৰত গৱেষণা কৰি লাভ কৰে ডক্টৰেট ডিগ্রী। মন কৰিবলগীয়া যে ড° ৰূপম শৰ্মাৰ চলচ্চিত্ৰ আৰু সংগীত জগতৰ প্রতিও আছে বহু উল্লেখনীয় অৱদান। এজন অসমীয়া হিচাপে ড° ৰূপম শৰ্মাই অসমীয়া কলা-সংস্কৃতিৰ প্ৰসাৰৰ বাবে আন্তর্জাতিক পর্যায়ত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। শাস্ত্ৰীয় সংগীতৰো শিল্পী ড° শৰ্মাই বিশ্বত শাস্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে তিনি শতাধিক বিভিন্ন বাদ্যযন্ত্র একেলগে প্রায় পাঁচশ শিল্পীৰ সহায়ত পৰিবেশন কৰি এক বিশ্ব অভিলেখো গঢ়ি থৈছে। সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা লাভ কৰিছে। শেহতীয়াভাৱে অসমৰ সু-সন্তান ড° ৰূপম শৰ্মাই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় উপদেষ্টা পদত নিযুক্তি লাভ কৰাৰ খবৰে  সৰ্বত্ৰ ৰাজ্যৰ জনতাক উৎফুল্লিত কৰি তুলিছে। জানিব পৰামতে মার্কিন যুক্তৰাষ্ট্ৰই বছৰজোৰা বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি হেজাৰ হেজাৰ বিশেষজ্ঞৰ মাজৰ পৰা এনে উপদেষ্টা নিৰ্বাচিত কৰে। আমেৰিকা নিবাসী ড° ৰূপম শৰ্মা যোৰহাট চহৰৰ ৰজামৈদাম নিউ কলনিৰ প্ৰয়াত বলীনাৰায়ণ শৰ্মা আৰু ৰুণু শৰ্মাৰ পুত্ৰ।

Previous Post

বিশ্বকাপৰ আগতে ষ্টেডিয়ামৰ উন্নয়নত ৫০০ কোটি আৱণ্টন বৰ্ডৰ , কোন ৰাজ্যই কিমান পাব ধন ?

Next Post

দিল্লী-আজমেৰৰ মাজত বন্দে ভাৰত মুকলি কৰিলে মোদীয়ে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দিল্লী-আজমেৰৰ মাজত বন্দে ভাৰত মুকলি কৰিলে মোদীয়ে

দিল্লী-আজমেৰৰ মাজত বন্দে ভাৰত মুকলি কৰিলে মোদীয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7