অহা ১৪ এপ্ৰিলত কামৰূপ জিলাৰ পৰিসীমাৰ আকাশ মাৰ্গত সকলোধৰণৰ মানৱ বিহীন আকাশী যান/ড্ৰোণৰ উৰণত নিষেধাজ্ঞা আৰোপ।
ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কামৰূপ জিলাৰ উপায়ুক্তই আৰোপ কৰিলে নিষেধাজ্ঞা
অহা ১৪ এপ্ৰিলত চাংসাৰিস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ বিশেষ সুৰক্ষাৰ ব্যক্তিৰ আগমনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত অহা ১৪ এপ্ৰিলত কামৰূপ জিলাৰ পৰিসীমাৰ ভিতৰত থকা আকাশ মাৰ্গত ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সকলো ধৰণৰ মানৱবিহীন আকাশী যান/ড্ৰোণ উৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক এই নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশনাটোত কোৱা হৈছে।