বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত প্ৰতিদিনেই হৈ আছে বহুতো নতুন নতুন আৱিষ্কাৰ। শেহতীয়াকৈ ভাৰতীয় মূলৰ এজন কম্পিউটাৰ বিজ্ঞানী ডাঃ প্ৰতীক দেশায়ে এই দাবী কৰিছে যে এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ২০২৩ চনৰ ভিতৰত মানুহে কম্পিউটাৰত আপলোড কৰিবলৈ সক্ষম হ’ব নিজৰ চেতনা আৰু সংবেদনশীলতা ।
বৰ্তমান সময়ত বিজ্ঞানীসকলৰ এই অসম্ভৱ যেন লগা ধাৰণাটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে সকলোতে।
উল্লেখনীয় যে ডাঃ প্ৰতীক দেশায়ে সকলোকে আপোনজনৰ কণ্ঠৰ নমুনা নিয়মীয়াকৈ ৰেকৰ্ডিং কৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে, যাতে মৃত্যুৰ পিছতো থাকে ‘জীৱন’ । নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি বিজ্ঞানীগৰাকীয়ে শেহতীয়াকৈ এটি টুইটত লিখিছে যে সকলোৱে নিজৰ পিতৃ-মাতৃ, বয়োজ্যেষ্ঠ আৰু আপোনজনৰ কথা-বাৰ্তা নিয়মিতভাৱে ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰক ।কিয়নো অতিশীঘ্ৰেই পৰ্যাপ্ত পৰিমাণৰ ট্ৰান্সক্ৰিপ্ট ডাটা, নতুন ভইচ চিন্থেছিছ আৰু ভিডিঅ’ মডেলৰ সৈতে শৰীৰ এৰি যোৱাৰ পিছতো আপোনাৰ আত্মীয়সকল চিৰদিনৰ বাবে আপোনাৰ লগত থকাৰ সম্ভাৱনা ১০০ শতাংশই সম্ভৱ হৈ পৰিছে ।
অৱশ্যে কেৱল ড° প্ৰতীক দেশায়েই নহয় ইয়াৰ পূৰ্বে মেটাভাৰ্ছ কোম্পানী ছ’নিয়াম স্পেছে আগবঢ়াইছিল এ.আই ভিত্তিক লাইভ ফৰ এভাৰ মোড । ইয়াৰ লক্ষ্য হৈছে মানুহে নিজৰ আপোনজনৰ সৈতে মেটাভাৰ্ছত কথা পাতিব পৰা সুবিধা। কোম্পানীটোৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী বিষয়া আৰ্টুৰ চাইকোভে কয় যে তেওঁৰ প্ৰকল্পটোৰ জৰিয়তে মানুহৰ মৃত্যুৰ পিছতো কথা কোৱা আৰু চলাচল কৰাৰ ধৰণ সংৰক্ষণ কৰাটো সম্ভৱ হ’ব যাৰ ফলত তেওঁলোকে অনলাইন অৱতাৰত মৃত্যুৰ পৰা উভতি আহি আত্মীয়ৰ লগত কথা পাতিব পাৰিব।