মানুহৰ শৰীৰৰ কেন্দ্ৰীয় নিয়ন্ত্ৰক হৈছে লিভাৰ বা যকৃৎ ।আমাৰ শৰীৰৰ প্ৰায় ৫০০ তকৈও অধিক কাম সম্পন্ন কৰে এই লিভাৰে।যিহেতু লিভাৰ হৈছে মানুহৰ শৰীৰৰ দ্বিতীয় বৃ্হৎ অংগ।ইয়াৰ কিবা অসুবিধা হলে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে।
বিশেষকৈ ই মানুহৰ শৰীৰত অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।সেইয়েহে লিভাৰৰ যিকোনো সমস্যাক আওকাণ কৰাটো নিজৰ বাবেই ক্ষতিকাৰক।লিভাৰ বেয়া হলে দেখা দিয়া কেইটামান উপসৰ্গ হৈছে
মানুহৰ পেটৰ বিষ যিকোনো কাৰণত হ’ব পাৰে যদিও লিভাৰ বেয়া হলে সঘনাই মানুহৰ পেটৰ ওপৰৰ অংশ বা কামিহাড়ৰ তলৰ সোঁ অংশ বিষ হ’ব পাৰে।আপুনি জনা উচিত যে এই বিষ আপোনাৰ লিভাৰৰ কিবা সমস্যা হোৱা বাবেহে হৈছে। তেনেক্ষেত্ৰত আপুনি চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰক।
দ্বিতীয় উপসৰ্গ হৈছে যদি জণ্ডিছ ৰোগ। লিভাৰৰ কিবা গুৰুত্বৰ সমস্যা হলেহে মানুহৰ জণ্ডিছ ৰোগ হ’য়। চকু হালধীয়া আৰু ছালৰ ৰং বগা হৈ পৰিলে আপুনি জানিব লাগিব যে আপোনাৰ জণ্ডিছ ৰোগ হৈছে। এনে পৰিস্থিতিত আপোনাৰ শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থবোৰ ওলাই অহাটো সম্ভৱ নহ’য়। গতিকে সময় নষ্ট নকৰি চিকিৎসকৰ ওচৰত গৈ চিকিৎসা গ্ৰহণ কৰক।
কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস পোৱাটো একপ্ৰকাৰ লিভাৰ বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে।যিহেতু লিভাৰৰ কোনো সমস্যা হলে মানুহৰ ভোক কমে। খাবলৈ অনীহা আহে।আৰু ওজন হ্ৰাস পায়।
সাধাৰণতে জ্বৰ হলে মানুহে খাদ্যৰ সোৱাদ নোপোৱা হ’য়। কিন্তু কোনো ধৰণৰ বেমাৰ নোহোৱাকৈ খাদ্যৰ সোৱাদ নোপোৱাটো একপ্ৰকাৰ লিভাৰ বেয়া হোৱাৰ অন্যতম লক্ষণ হ’ব পাৰে।ইয়াৰলগতে মানুহৰ লিভাৰ বেয়া হলে মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হ’ব পাৰে।
যদিহে মানুহৰ অনবৰতে ভাগৰ লাগি থাকে বা মূৰ ঘূৰোৱা আৰু পেশী দুৰ্বল অনুভৱ কৰিছে তেন্তে ইয়ো লিভাৰ বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে। গতিকে উপৰোক্ত সমস্যাত যদি আপুনি ভুগিছে তেন্তে আপুনি সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।অন্যথা আপুনি গুৰুত্বৰ অসুখত পৰিব পাৰে।
বিঃদ্ৰঃএই তথ্যসমূহ গৱেষণাৰ ওপৰত আধাৰিত। এনে তথ্য গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো নিতান্তই আৱশ্যক।