ডাক্তৰৰ পৰা আৰম্ভ কৰি পুষ্টিবিদলৈকে প্ৰত্যেকেই প্ৰচণ্ড গৰমত শৰীৰ শীতল কৰি ৰাখিবলৈ দৈ খাবলৈ পৰামৰ্শ দিয়ে। গৰমৰ ক্লান্তিৰ বাবে বহু লোকে ব্যায়াম বন্ধ কৰি দিয়ে। ফলত শৰীৰৰ ওজনো বৃদ্ধি পাব পাৰে। ইফালে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন পানীয় বা চৰবত সেৱন কৰা হয় ৷ইয়াৰ উপৰিও ই চেনিৰ ভাৰসাম্য বিঘ্নিত কৰে। গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখা আৰু ওজন নিয়ন্ত্ৰণত ৰাখি এই দুটা সমস্যাৰ পৰা মুক্তি পাবলৈ লাচ্চিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। গ্ৰীষ্মকালত পিয়াহ দূৰ কৰিব, পেট দীৰ্ঘসময়ৰ বাবে ভৰি থাকিব, আৰু অন্ত্ৰৰ স্বাস্থ্যও ভাল হ’ব।কেনেদৰে প্ৰস্তুত কৰিব বিশেষ তিনিবিধ লাচ্চি ৷
১) আমৰ লাচী
দৈ: ৩০০ গ্ৰাম
পানী: ২০০ মিলিলিটাৰ
আম: ১
শুকান পদিনা পাত: আধা চামুচ
এই চাৰিটা উপাদান একেলগে ব্লেণ্ডাৰত মিহলাই লওক। গিলাচত ঢালি দি পৰিবেশন কৰক। ইচ্ছা কৰিলে বৰফৰ টুকুৰা এটা দিব পাৰে।
২) চাচ
দৈ: ৫০০ গ্ৰাম
জিৰাৰ গুড়িঃ আধা চামুচ
সৈন্ধ্যৱ লোন : ৰুচি অনুসৰি
এই তিনিটা উপাদান একেলগে ব্লেণ্ডাৰত মিহলাই লওক। গিলাচত ঢালি দি পৰিবেশন কৰক। ইচ্ছা কৰিলে বৰফৰ টুকুৰা এটা দিব পাৰে।
৩) পদিনা লাচী
দৈ: ৫০০ গ্ৰাম
শুকান পদিনা পাত: ১ চামুচ
জিৰাৰ গুড়িঃ আধা চামুচ
সৈন্ধৱ নিমখ: ৰুচি অনুসৰি
এই চাৰিটা উপাদান একেলগে ব্লেণ্ডাৰত মিহলাই লওক। গিলাচত ঢালি দি পৰিবেশন কৰক। ইচ্ছা কৰিলে বৰফৰ টুকুৰা এটা দিব পাৰে।