চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলৰ সময়ত বিৰাট কোহলীৰ আচৰণত ক্ষুব্ধ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। ইয়াৰ বাবে তেওঁক জৰিমনা বিহা হৈছে। ব’ৰ্ডৰ সূত্ৰ অনুসৰি মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে কোহলীৰ আগ্ৰাসী মনোভাৱত বিচিচিআইয়ে ক্ষুব্ধ হৈ পৰিছে ৷ সেই কাৰণে তেওঁক জৰিমনা বিহি সকীয়াই দিয়া হৈছে।
চিন্নাস্বামীত চেন্নাই-বেংগালুৰুৰ খেলখনৰ পাছত বিচিচিআইয়ে এক বিবৃতিত কয় যে আইপিএলৰ নিয়ম উলংঘা কৰাৰ বাবে আৰচিবিৰ বেটছমেন কোহলীক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে। আই পি এলৰ নিয়মৰ ২.২ অনুচ্ছেদৰ অধীনত কোহলীক দোষী সাব্যস্ত কৰা হৈছে। এইটো এটা প্ৰাথমিক পর্যায়ৰ অপৰাধ ৷ গতিকে এই ক্ষেত্ৰত মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত। ক্ৰিকেটাৰজনে তেওঁৰ বিৰুদ্ধে একো ক’ব নোৱাৰে।“
খেলৰ সময়ত কোহলীয়ে সঠিকভাৱে কি সংঘটিত কৰিলে সেয়া স্পষ্ট কৰা নাই বিচিচিআইয়ে। অৱশ্যে ব’ৰ্ডৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চেন্নাইৰ বেটছমেন শিৱম ডুবে আউট হোৱাৰ পাছত কোহলীয়ে অধিক আক্ৰমণাত্মক ৰূপত উল্লাস কৰে। শিৱমে ভাল খেলি আছিল। আৰ চি বিক তেওঁৰ উইকেটৰ প্ৰয়োজন আছিল। গতিকে শিৱম ওলাই অহাৰ পিছত কোহলীয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে। তাৰ বাবেৱ শাস্তি পাব লগা হ’ল।
আৰচিবিৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি চেন্নাইয়ে ২০ অভাৰত ২২৬ ৰান সংগ্ৰহ কৰে। শেষত চেন্নাইয়ে ৮ ৰানত জয়লাভ কৰে।