এইবাৰ মাতৃ হ’বলৈ ওলাইছে বলিউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৷ জীৱনৰ আন এক নতুন অধ্যায় আৰম্ভ কৰিব ইলিয়ানা ডি ক্ৰুজে ৷ ‘বৰফী’, ‘ৰুষ্টম’, ‘ৰেড’ আদি ছবিত তেওঁ অভিনয় কৰিছিল। ৰণবীৰ কাপুৰ, অক্ষয় কুমাৰ, অজয় দেৱগনৰ দৰে শীৰ্ষ অভিনেতাৰ সৈতে তেওঁৰ কামে দৰ্শক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনত নতুনকৈ আন এক অধ্যায়ৰ সংযোজন কৰাৰ কথা ঘোষণা কৰে। তেওঁ এই সুখৰ খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয় যে তেওঁ মাতৃ হ’বলৈ ওলাইছে ।
অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীৰ সৈতে এই সুখৰ খবৰটো শ্বেয়াৰ কৰে। ইলিয়ানাই লিখিছে, “মই তোমাক চাবলৈ অপেক্ষা কৰি আছো।”এই পোষ্টটোৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ শিশুটিৰ আগমনক লৈ অতি উৎসাহী। অৱশ্যে ইলিয়ানাই শিশুটিৰ পিতৃৰ পৰিচয় গোপন কৰি ৰাখিছে। অৱশ্যে ইতিমধ্যে ছ’চিয়েল মিডিয়াত সন্তানৰ পিতৃক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। বহুতে অভিনেত্ৰীগৰাকীক আৰু কিছু তথ্য শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে ইলিয়ানাই এতিয়াও শিশুটিৰ কোনো তথ্য প্ৰকাশ কৰা নাই।
কেইবছৰমান আগলৈকে ইলিয়ানা ডি ক্ৰুজৰ প্ৰেমিক এণ্ড্ৰু নিবনৰ সৈতে সম্পৰ্ক আছিল। ইলিয়ানাইও তেওঁক ‘স্বামী’ বুলি কেইবাবাৰো উল্লেখ কৰিছিল। ২০১৯ চনত ইলিয়ানা আৰু এণ্ড্ৰুৰ সম্পৰ্ক বিচ্ছিন্ন হয়। তেতিয়াৰ পৰাই ইলিয়ানাই নিজৰ প্ৰেম জীৱনক লৈ নিমাত হৈ আছে। শেহতীয়াকৈ তেওঁ কেটৰিনা কাইফৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেলৰ সৈতে প্ৰেমৰ সর্ম্পর্কত বান্ধ খাইছিল ৷ বিচ্ছিন্ন দম্পতীহালক একেলগে সময় কটোৱা দেখা গৈছে। অৱশ্যে ইলিয়ানাৰ সন্তানৰ পিতৃ কেটৰিনাৰ ভাতৃ চেবাষ্টিয়ান নে ? কৌতুহলী নেটিজেনসকল।