বাংলাদেশত মানুহৰ গড় আয়ুস কমি আহিছে! সেই দেশৰ এক সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে ৷ বাংলাদেশ পৰিসংখ্যা ব্যুৰো (BBS)ৰ প্ৰতিবেদন অনুসৰি বৰ্তমান দেশৰ নাগৰিকসকলৰ গড় আয়ুস ৭২.৩ বছৰ। যিটো যোৱা সমীক্ষা অনুসৰি ৭২.৮ বছৰ আছিল। অৰ্থাৎ নাগৰিক সকলৰ গড় আয়ুস প্ৰায় ০.৫ বছৰলৈ হ্ৰাস পাইছে। এই সমীক্ষাত বাংলাদেশৰ মানুহৰ গড় আয়ুস প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে।
বিবিএছৰ প্ৰতিবেদন অনুসৰি সেই দেশত পুৰুষৰ গড় আয়ুস বৰ্তমান ৭০.৬ বছৰ। মহিলাৰ গড় আয়ুস ৭৪.১ বছৰ।বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ এক প্ৰতিবেদন অনুসৰি এই সমীক্ষাত প্ৰকাশ পাইছে যে ২০২১ চনলৈকে দেশৰ জনসংখ্যা আছিল ১৬ কোটি ২৭ লাখ। এই সংখ্যাৰ ভিতৰত পুৰুষ ৮ কোটি ১৪ লাখ আৰু মহিলা ৮ কোটি ১৩ লাখ। জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতি বছৰে প্ৰায় ১.৩৭ শতাংশ।
২০২১ চনৰ এই সমীক্ষাৰ ফলাফল সোমবাৰে ঢাকাৰ পৰিসংখ্যা ভৱনত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাংলাদেশৰ পৰিকল্পনা মন্ত্ৰী এম এ মান্নান। পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনা বিভাগৰ সম্পাদক শ্বাহনাজ আৰেফিন আৰু বিবিএছৰ সঞ্চালক মাটিয়াৰ ৰহমান উপস্থিত থাকে। কিন্তু চৰকাৰে জনাইছে যে গড় আয়ুস বিশেষ চিন্তাৰ বিষয় নহয়। চিকিৎসকসকলেও ভাবে যে ক’ভিডৰ বাবে গড় আয়ুস কমি যাব পাৰে।