সৌৰ ধুমুহাৰ বাবে পৃথিৱীত বৃদ্ধি পাইছিল উত্তাপ ৷ ভাৰত মহাসাগৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হৈছিল। সেই সৌৰ ধুমুহাৰ জোকাৰণিৰ প্ৰভাৱ হ্ৰাস পোৱাৰ আগতেই নাছাই প্ৰকাশ কৰা অনুসৰি পৃথিৱীত আন এটা সৌৰ ধুমুহাই আঘাত হানিবলৈ ওলাইছে। আৰু এইবাৰ ধুমুহা পূর্বতকৈ অধিক শক্তিশালী ৷
নাছাৰ মতে, প্ৰাৰম্ভিক হিচাপ অনুসৰি বুধবাৰে প্ৰথম পৰ্যায়ৰ ধুমুহাই পৃথিৱীত আঘাত হানিব। অৱশ্যে ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ বৃহস্পতিবাৰ অৰ্থাৎ ২০ এপ্ৰিললৈকে চলি থাকিব। এই দুদিনত সৌৰ ধুমুহাই পৃথিৱীত প্ৰত্যক্ষ আৰু বৃহৎ প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে নাছাই।
সৌৰ ধুমুহাৰ ফলত কি হ’ব পাৰে? নাছাৰ তথ্য অনুসৰি ইয়াৰ ফলত পৃথিৱীৰ মেণ্টেলৰ চুম্বকীয় ক্ষেত্ৰত ফাট মেলিব পাৰে। ইয়াৰ ফলত বেতাঁৰ যোগাযোগ হেৰুৱাব পাৰে, জিপিএছ হেৰুৱাব পাৰে, মোবাইল নেটৱৰ্ক হেৰুৱাব পাৰে, আনকি ইণ্টাৰনেট সংযোগও ব্যাহত হ’ব পাৰে। আনকি, এই সৌৰ ধুমুহাৰ বাবে বিদ্যুৎ বিচ্ছিন্ন হ’ব পাৰে।