শিশু শ্ৰমিক কামত ৰাখি আইন অনুসৰি মজুৰি আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কার্যালয়ে ৷ এগৰাকী শিশু শ্ৰমিকক কামত ৰাখি উপযুক্ত মজুৰি আদায় নিদিয়া কামৰূপ জিলাৰ তামুলপুৰৰ কাউৰবাহাৰ জেহেৰুল ইছলাম নামৰ এজন লোকক ১৪,১১২ টকা আদায় দিবলৈ সহকাৰী শ্ৰম আয়ুক্তৰ কার্যালয়ে নির্দেশ দিছে ৷ যোৱা ১৩ এপ্ৰিলত সহকাৰী শ্ৰম আয়ুক্ত এইছ কলিতাই এই নির্দেশনা প্ৰদান কৰিছে ৷ ২০২২ চনৰ ১ মে’ৰ পৰা ১৭ জুনলৈ শিশুটিক আদায় দিয়া নাছিল উপযুক্ত মজুৰি ৷ জাননী লাভ কৰাৰ সাত দিনৰ ভিতৰতে শিশুটিৰ নামত চেকযোগে এই ধন আদায় দিবলৈ শ্ৰম আয়ুক্তৰ কার্যালয়ে নির্দেশ দিছে ৷ শিশু শ্ৰমিক উদ্ধাৰ অভিযানৰ জিলা টাস্ক ফর্চে অভিযান চলোৱাৰ সময়ত ৰাজ্য চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি শিশুটিক মজুৰি আদায় দিয়া হোৱা নাছিল বুলি জানিব পৰা গৈছিল ৷
উল্লেখ্য যে শিশু শ্ৰমিক উদ্ধাৰৰ পাছতে তেওঁলোকৰ পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ২০২২ বর্ষৰ নৱেম্বৰতে নির্দেশ দিছিল শ্ৰম আয়ুক্তই ৷ সমান্তৰালভাৱে শিশু শ্ৰমিকসকলক নিয়োগ কৰি উপযুক্ত মজুৰি প্ৰদান নকৰা লোকসকলৰ পৰা আইন অনুসৰি বকেয়া মজুৰি আদায় কৰিবলৈয়ো নির্দেশ প্ৰদান কৰা হৈছিল ৷ ইয়াৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কার্যালয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ সকলোৱে শলাগ লৈছে ৷ আগন্তুক সময়ত আন জিলাৰ কার্যালয়সমূহে এই নির্দেশনা সঠিকভাৱে পালন কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব ৷