খেলপথাৰত তেওঁলোক দুয়ো প্ৰতিদ্বন্দ্বী। খেলপথাৰৰ বাহিৰত তেওঁলোকক লৈ ফুটবল জগতখন বিভক্ত। কোন ভাল ফুটবলাৰ সেই লৈ বিতৰ্কৰ অন্ত নাই। কিন্তু লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৱে কেতিয়াও ইজনে সিজনৰ বিৰুদ্ধে বেয়া কথা কোৱা নাই৷ ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰি আহিছে । কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পূৰ্বে মেছি-ৰ’নাল্ডোক এটা ফ্ৰেমত দেখা গৈছিল।
বিশ্বকাপৰ পূৰ্বে চৰম ‘প্ৰতিদ্বন্দ্বী’ দুই ৰোনাল্ডো আৰু মেছিৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল। সেই ছবিখনত লিঅ’-ৰ’নাল্ডোক ইজনে সিজনৰ মুখামুখিকৈ বহি থকা দেখা গৈছিল। কিন্তু তেওঁলোকে ফুটবল খেলা নাই ৷ দুয়োকে দেখা গৈছিল দবা খেলি থকা ৷
ছবিখনত ফুটবল তাৰকা দুগৰাকীয়ে ক’লা টি-চাৰ্ট আৰু ডেনিম জিন্স পিন্ধি থকা দেখা গৈছে। ছবিখনত মেছিৰ হাতখন তেওঁৰ গালত, ৰোনাল্ডোৰ হাতখন তেওঁৰ কপালত দি থকা দেখা গৈছিল ।
ফুটবল তাৰকা দুগৰাকীৰ ছবি ওলোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুতে প্ৰথমে ভাবিছিল যে কোনোবাই কম্পিউটাৰত এই ছবিখন যাদুৰ দ্বাৰা সৃষ্টি কৰিছে। পিছত গম পোৱা গ’ল যে মহান খেলুৱৈ দুগৰাকীয়ে সঁচাকৈয়ে কেমেৰাৰ সন্মুখত একেলগে প’জ দিছে ৷ ফেশ্বন কোম্পানী এটাৰ বিজ্ঞাপনৰ মুখ আছিল ৰোনাল্ডো আৰু মেছি। আৰু তেনে কৰাৰ সময়ত কোম্পানীয়ে বহুত টকা খৰচ কৰিবলগীয়া হৈছিল।
ৰোনাল্ডোৱে বিজ্ঞাপনটোৰ বাবে লৈছিল প্ৰায় ২৪ কোটি টকা। মেছিয়ে অৱশ্যে ইমান টকা লোৱা নাছিল। প্ৰায় ১৮ কোটি টকা লৈছিল। অৰ্থাৎ কোম্পানীটোৱে ফুটবলাৰ দুগৰাকীৰ বাবে প্ৰায় ৪২ কোটি টকা খৰচ কৰিছিল।
ৰোনাল্ডোৰ ইনষ্টাগ্ৰামত ৫.২ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে। মেছিৰ ৪ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে। আৰু সেইবাবেই দুয়োজনেই ভাল ফুটবলাৰ হোৱাৰ পিছতো ৰোনাল্ডোক মেছিতকৈ বেছি মাননি দিয়া হৈছিল।
ফুটবলাৰ দুগৰাকীৰ দৰে এই ছবিখনকো বহুতে ‘সৰ্বকালৰ শ্ৰেষ্ঠ ছবি’ বুলি অভিহিত কৰিছে। এই ফটোখন তুলিছে বিখ্যাত ফটোগ্ৰাফাৰ এনি লেইবোভিটজে। এই ছবিখন তুলিবলৈ তেওঁ কোটি কোটি টকা লৈছিল। অৱশ্যে মেছি আৰু ৰোনাল্ডোৱে এই ছবিখন একেলগে তোলা নাছিল ৷ মেছি আৰু ৰোনাল্ডোক পৃথকে পৃথকে ফটো তুলিছিল। পিছত ছবিখন সম্পাদনা কৰি যোগ কৰা হয়।